
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অন্তৰ্ভুক্ত চাৰি মন্ত্ৰীক দপ্তৰ বিতৰণ কৰিছে৷ ৭ ডিচেম্বৰত শপত লোৱা চাৰি মন্ত্ৰী লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক দপ্তৰ দিয়া হৈছে৷ প্ৰশান্ত ফুকনক শক্তি, স্বাস্থ্য শিক্ষা আৰু দক্ষতা বিকাশ বিভাগ দিয়া হৈছে। ৰূপেশ গোৱালাক শ্ৰমিক কল্যাণ, কাৰাগাৰ, হোমগাৰ্ড বিভাগ দিয়া হৈছে। কৌশিক ৰায়ক খনি আৰু খনিজ, খাদ্য-অসামৰিক যোগান আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ দিয়া হৈছে। কৃষ্ণেন্দু পালক পশুপালন, মীন, লোক নিৰ্মাণ (পিএমজিএছৱাই) বিভাগ দিয়া হৈছে৷ চাৰি মন্ত্ৰীক দপ্তৰে দিয়াৰ ফলত পূৰ্বৰে পৰা মন্ত্ৰী হৈ থকা জয়ন্তমল্ল বৰুৱা, পীয়ুষ হাজৰিকা, নন্দিতা গাৰ্লোছা, যোগেন মহন, অতুল বৰা, কেশৱ মহন্ত, অশোক সিংঘলে গুৰুত্বপূৰ্ণ দপ্তৰ হেৰুৱাবলগীয়া হয়৷ নন্দিতা গাৰ্লোছাৰ শক্তি, জয়ন্তমল্ল বৰুৱাৰ পৰা পৰ্যটন বিভাগ, কেশৱ মহন্তৰ পৰা আবকাৰী আৰু পৰিবহণ বিভাগ, অশোক সিংঘলৰ পৰা নগৰ উন্নয়ন আৰু গুৱাহাটী উন্নয়ন বিভাগ, ৰণজিত দাসৰ পৰা খাদ্য আৰু অসামৰিক যোগান বিভাগ, অতুল বৰাৰ পৰা পশুপালন বিভাগ, কেশৱ মহন্তৰ পৰা মীন বিভাগ, যোগেন মহনৰ পৰা ৰাজহ বিভাগ কৰ্তন কৰা হৈছে৷ নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰা চাৰি মন্ত্ৰীৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ বিভাগ লাভ কৰিছে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে৷ প্ৰশান্ত ফুকনক প্ৰদান কৰা হৈছে শক্তি বিভাগ৷ শক্তি বিভাগৰ লগতে দক্ষতা বিকাশ আৰু স্বাস্থ্য শিক্ষা বিভাগটো প্ৰদান কৰা হৈছে৷ লোভনীয়া শক্তি বিভাগ প্ৰদান কৰা হৈছে প্ৰশান্ত ফুকনক৷ শপতগ্ৰহণৰ দুদিন পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুনকৈ শপত লোৱা মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু পুৰণি মন্ত্ৰীসকলৰ দপ্তৰ সাল-সলনি কৰাত বিজেপি দল আৰু চৰকাৰত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে৷ কিয়নো কেইবাজনো মন্ত্ৰীৰ পৰা লোভনীয় বিভাগ কৰ্তন কৰিছে মুখ্যমন্ত্ৰীয়ে৷ কেইবাগৰাকী মন্ত্ৰীৰ দপ্তৰ সাল-সলনি কৰাত কেবাগৰাকী মন্ত্ৰীৰ প্ৰভাৱ হ্ৰাস পাইছে৷ দপ্তৰ কৰ্তন কৰাৰ লগে লগে দল আৰু চৰকাৰত যে প্ৰভাৱ হ্ৰাস পাইছে তাকে সূচায়৷ ৰণজিৎ কুমাৰ দাসৰ হাতৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ কৰ্তন কৰা হয়৷ ৰণজিৎ কুমাৰ দাসক পঞ্চায়ত-গ্ৰামোন্নয়ন, আইন, সাধাৰণ প্ৰশাসন আৰু পৰ্যটন বিভাগ দিয়া হয়৷ অতুল বৰাক আবকাৰী, কৃষি, সীমান্ত সুৰক্ষা-উন্নয়ন, উদ্যানশস্য, অসম চুক্তি ৰূপায়ণ বিভাগ দিয়া হয়৷ কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, তথ্য-প্ৰযুক্তি, বিজ্ঞান-প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন বিভাগ দিয়া হয়৷ উৰ্খাও গৗড়া ব্ৰহ্মক বড়োলেণ্ড কল্যাণ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ বিভাগ দিয়া হয়৷ চন্দ্ৰমোহন পাটোৱাৰীক সংসদীয় পৰিক্ৰমা, এক্ট ইষ্ট পলিচি পৰিক্ৰমা, বন আৰু পৰিৱেশ বিভাগ দিয়া হয়৷ ডা০ ৰণোজ পেগুক শিক্ষা, ভৈয়াম-জনজাতি উন্নয়ন বিভাগ দিয়া হৈছে৷ অশোক সিংঘলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু পূৰ্বৰ জলসিঞ্চন বিভাগ দিয়া হৈছে৷ যোগেন মহনক পাৰ্বত্য অঞ্চল উন্নয়ন, পৰিবহণ, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস বিভাগ দিয়া হৈছে। অজন্তা নেওগক বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগ দিয়া হৈছে৷ পীয়ুষ হাজৰিকাক জলসম্পদ, তথ্য-জন সংযোগ-মুদ্ৰণ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ দিয়া হৈছে৷ বিমল বড়াক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ-বাণিজ্য বিভাগ দিয়া হৈছে৷ জয়ন্তমল্ল বৰুৱাক গৃহ-নগৰ পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী বিভাগ দিয়া হৈছে৷ নন্দিতা গাৰ্লোছা ক্ৰীড়া-যুৱ কল্যাণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ দিয়া হৈছে৷