সভ্য সমাজক সলংকিত কৰা ঘটনা সংঘটিত হৈছে ৰাজ্যৰ ৰাজধানী গুৱাহাটীত৷ গুৱাহাটীৰ মহানগৰীত এগৰাকী অসহায় যুৱতীক ৯ নৰপিশাচে গণ ধৰ্ণ কৰাৰ অভিযোগে সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে৷ গুৱাহাটীৰ বৰাগাঁৱৰ নিজাৰাপাৰত এগৰাকী যুৱতীক গণ ধৰ্ষণ কৰা হৈছে। গণ ধৰ্ষণ কৰাই নহয় অপকৰ্ম কৰাৰ সময়ৰ দৃশ্য ৰেকৰ্ডিং কৰি ভাইৰেল কৰে৷ যুৱতীৰ শৰীৰটোৰ পৰা আসুৰিক তৃপ্তি লৈ চিত্ৰগ্ৰহণ কৰা কাণ্ডই হতচকিত কৰিছে ৰাজ্যবাসীক৷ ৰাইজক হতবাক কৰি তুলিছে। সমগ্ৰ ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ যাৰ ফলত ব্যাপক নিন্দা আৰু ক্ষোভৰ সৃষ্টি হৈছে। গড়চূক আৰক্ষীয়ে ভিডিঅ’টোৰ প্ৰমাণৰ ওপৰত ভিত্তি কৰি ছয়জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। আটক কৰাসকলৰ ভিতৰত আছে কুলদীপ, পিংকু দাস, মৃণাল, গগন, বিজয় আৰু সৌৰভ। আৰু তিনিজন অভিযুক্ত ৰবীন দাস, দীপাংকৰ আৰু কৃষ্ণা এতিয়াও পলাতক হৈ আছে৷ আৰক্ষীয়ে বাকী তিনিজনক ধৰিবলৈ অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। বৰাগাঁৱৰ নিজাৰাপাৰ অঞ্চলত ঘটনা সংঘটিত হৈছিল। কেতিয়া ঘটনা সংঘটিত কৰিছিল সঠিক সময় অস্পষ্ট৷ ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হোৱা ঘটনা পোহৰলৈ আহিছে। যুৱতীগৰাকীৰ পৰিচয় গোপনে ৰাখি আৰক্ষীয়ে তদন্ত ৰখা বুলি জানিব পৰা গৈছে৷
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…