জাতীয় কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি কেবাজনো গুৰুত্বপূৰ্ণ জাতীয় সংগঠনৰ নেতা আৰু ৰাজনৈতিক দলৰ নেতৃত্ব বহন কৰা নেতাই কংগ্ৰেছত যোগদান কৰে৷ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সঞ্চালনাত অনুষ্ঠিত সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাক্ৰাসহ কেবাগৰাকী আদিবাসী নেতাই কংগ্ৰেছত যোগদান কৰে৷ এই নেতাকেইগৰাকী হৈছে আদিবাসী জনগোষ্ঠীৰ প্ৰভাৱশালী নেতা ষ্টিফেন লাক্ৰা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি মেলকাছ টপ্প, সাংস্কৃতিক সম্পাদক বাদল কাৰ্তি, কাৰ্যবাহী সদস্য শংকৰ কৰ্মকাৰ আৰু আদিবাসী গায়ক ভিক্টৰ লাক্ৰা৷ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আদিবাসী নেতাকেইজনক কংগ্ৰেছ দললৈ আদৰণি জনায়৷ জীতেন্দ্ৰ সিং আৰু ভূপেন বৰাই ফুলাম গামোচা পিন্ধাই আদিবাসী নেতাসকলক দললৈ আদৰণি জনাইছে৷ আজিৰ যোগদান সভাখনত এআইইউডিএফৰ দুই সাধাৰণ সম্পাদকেও কংগ্ৰেছত যোগদান কৰে। এআইইউডিএফৰ সাধাৰণ সম্পাদক আনোৱাৰ আলী, ড০ হাৰুণ আহমেদ, এনপিপি নেতা আব্দুল বাটেন ছিকদাৰ, চেঙাৰ আটোৱাৰ ৰহমান ভূঞা, আব্দুল আৱালে কংগ্ৰেছত যোগদান কৰে৷ যোগদান সভাত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে আদিবাসী নেতাকেইজনক দললৈ আদৰণি জনাই কয় যে সকলো প্ৰকাৰৰ লোক, জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে, বিশেষকৈ দৰিদ্ৰ লোকসকলৰ বাবে কংগ্ৰেছ দলৰ অন্তৰত সুকীয়া স্থান আছে৷ কংগ্ৰেছে দৰিদ্ৰ লোকৰ আঘাত অনুভৱ কৰা জানে৷ নিজৰ ভাষণত ষ্টিফেন লাক্ৰাৰ প্ৰসংগও উল্লেখ কৰে সিঙে৷ ষ্টিফেন লাক্ৰাই নিজ জনগোষ্ঠীৰ বাবে বহু আন্দোলন কৰিলে বুলি কৈ কয় যে আপুনি আক্ৰমণৰ বলি হৈছে৷ জনজাতিৰ বাবে তেজ দিছে৷ ঘাম দিছে৷ গৰীৱ, জনতাৰ বাবে কাম কৰাৰ বাবে আৰক্ষী আৰু চৰকাৰে অত্যাচাৰ কৰিছে৷ কিন্তু আপোনাৰ জনজাতিয়ে বিচাৰিছিল ৰাজনৈতিক যাত্ৰা কৰাটো৷ জীতেন্দ্ৰ সিঙে আজি কংগ্ৰেছত যোগ দিয়া প্ৰতিগৰাকী নেতাকেই আদৰণি জনাই সকলোকে অসমৰ প্ৰগতি আৰু উন্নয়নৰ হকে কাম কৰিবলৈ আহ্বান জনায়। আনাহতে, নেতাকেইজনক দললৈ আদৰণি জনাই ভূপেন বৰাই কয় যে বিজেপিৰ ফেঁচীবাদ আৰু সাম্প্ৰদায়িকতা, ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰিবলৈ জাত, পাত, ধৰ্মৰ নামত কৰা বিভাজনৰ ৰাজনীতি, চিণ্ডিকেট ৰাজ, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিবলৈ অসমৰ যিকোনো ব্যক্তি, যিকোনো দল-সংগঠনৰ নেতাক ৰাজীৱ ভৱনলৈ হিয়া উজাৰি আদৰিবলৈ সদায়েই সাজু হৈ থাকো৷ আজি যিসকলে যোগদান কৰিছে সংখ্যাত কম হ’ব পাৰে৷ কিন্তু আটাইকেইগৰাকীয়ে এটা এটা সংগঠনক সন্মুখৰ পৰা দীঘলীয়া সময় ধৰি নেতৃত্ব দি আহিছে৷ মই জীতেন্দ্ৰ সিং ডাঙৰীয়াক যেতিয়া এখেতসকলৰ কথা কৈছিলো তেতিয়া তেখেতে খোদ কৈছিল এই যোগদান সভাত ময়ো থাকিম৷ জীতেন্দ্ৰ সিং ডাঙৰীয়াই বিচাৰে অসমৰ পৰা ভ্ৰষ্টাচাৰী, দুৰ্নীতিগ্ৰস্ত বিজেপি আতৰি যাওক৷ আজি অসমত ৬ হাজাৰ চাকৰিৰ বাবে ১৬ লক্ষ নিবনুৱাই আবেদন কৰে৷ আজি অসমত ৩২ লক্ষ নিবনুৱা আছে৷ বিজেপিৰ নেতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিণ্ডিকেট চলাই থকাৰ সুবিধা দিয়াৰো অভিযোগ উত্থাপন কৰে বৰাই৷ এডিআৰ পৰীক্ষাত পিয়ন, চালকৰ পদত লক্ষ লক্ষ যুৱকে আবেদন কৰাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি বৰাই আৰু কয় যে বিজেপিৰ ল’ৰাই চিণ্ডিকেট চলাই লক্ষ লক্ষ টকা অবৈধভাৱে উপাৰ্জন কৰি আহিছে৷ কিন্তু অসমৰ ল’ৰাই ড্ৰাইভাৰ হৈ ঘৰ চলাব৷ এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ চিন্তা৷ মই আজিৰ এই যোগদান সভাৰ পৰাই আহ্বান জনাই সকলোকে কৈছো যে অসমৰ যিসকল লোক বিজেপি বিৰোধী সকলোৱে কংগ্ৰেছৰ সৈতে চামিল হওক৷ বিজেপি বিৰোধী লোকৰ বাবে ৰাজীৱ ভৱনৰ দুৱাৰ খোলা আছে৷ জীতেন্দ্ৰ সিঙ ডাঙৰীয়াৰ উপস্থিতিত সকলোকে আদৰণি জনাম৷ নতুনকৈ যোগদান কৰা আদিবাসী নেতাসকলক বৰাই কয় যে আপোনালোকে কংগ্ৰেছৰ একো একোজন সেনাপতি৷ আজিৰ পৰা বিজেপি বিৰোধী যুঁজখনৰ আপোনোলোক এজন এজন সেনাপতি৷
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…