অসম কংগ্ৰেছত ফেন ক্লাৱ সংস্কৃতি নিষিদ্ধ হ’ব৷ ফেন ক্লাৱ সংস্কৃতিক লৈ ৰাজ্যিক কংগ্ৰেছৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা নাৰাজ হৈ পৰিছে৷ ফেন ক্লাৱক লৈ কেৱল চৰ্চাই নহয়, দলৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠকত এই বিষয়টো চৰ্চা হয়৷ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটী ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত কংগ্ৰেছৰ নেতাৰ নামত চলাই থকা ফেন ক্লাৱক লৈ চৰ্চা কৰাৰ খবৰ পোৱা গৈছে৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰে ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত ফেন ক্লাৱ সংস্কৃতিয়ে দলক ক্ষতি কৰাৰ অভিযোগ আনে৷ নেতাৰ ফেন ক্লাৱ চলোৱা নেতাসকলে দলতকৈ নেতাক গুৰুত্ব দি দলৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰি নেতাৰ নামত ফেন ক্লাৱ চলোৱা নেতাসকলক দলত পদবী নিদিবলৈ দাবী উত্থাপন কৰিছে পৱন সিং ঘাটোৱাৰে৷ জানিব পৰা মতে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, গৌৰৱ গগৈৰো ফেন ক্লাৱ আছে বুলি জানিব পৰা গৈছে৷ ফেন ক্লাৱে নিজ নিজ নেতাৰ বিভিন্ন সমলসমূহ ফেচবুকৰ ফেজ, গ্ৰুপ, হোৱাটএছএপ গ্ৰুপ আদি প্ৰচাৰ কৰে৷ গৌৰৱ গগৈৰ ফেন ক্লাৱে বৰ্ষপূৰ্তিৰ দিন বিশেষভাৱে পালন কৰে৷ কাৰ্যসূচীত খোদ গৌৰৱ গগৈ উপস্থিত থাকে৷ তাৰ মাজতে কংগ্ৰেছত ফেন ক্লাৱ সংস্কৃতি নিষিদ্ধ কৰাৰ বাতৰিয়ে বিশেষ চৰ্চা লাভ কৰিছে৷ ৰাজ্যিক কংগ্ৰেছৰ নেতাসকলৰ ফেন ক্লাৱ বন্ধ হ’ব নে নাই তাকে লৈ এই পৰ্যন্ত কংগ্ৰেছে আনুষ্ঠানিক ঘোষণা দিয়া হয়৷
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…