চাবুৱা-লাহোৱাল সমষ্টিত দুই শতাধিকৰ অগপত যোগদান

অসমৰ ৰাইজে আঞ্চলিকতাবাদক বিশ্বাস কৰে৷ অসমৰ ৰাইজে জাতীয়তাবাদক বিশ্বাস কৰে৷ জাতীয়তাবাদৰ ভিত্তিতে অসম সমৃদ্ধ হ’ব৷ সকলোৱে অসম গণ পৰিষদৰ দলৰ সৈতে একত্ৰিত হ’ব লাগে৷ এই আহ্বান হৈছে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ৷ আজি চাবুৱা-লাহোৱাল সমষ্টিৰ অন্তৰ্গত চাবুৱাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত অংশ লৈ বিধায়ক পোনাকণ বৰুৱাই অগপ দলক শক্তিশালী কৰিবলৈ সকলোকে আহ্বান জনাইছে৷ আজি চাবুৱাস্থিত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত তিনি শতাধিক মহিলা-পুৰুষে অগপত যোগদন কৰে৷ সকলো মহিলাক ফুলাম গামোচা পিন্ধাই দললৈ আদৰণি জনায় বিধায়ক বৰুৱাই৷ বিধায়কগৰাকীয়ে মহিলা-পুৰুষক আদৰণি জনাই কয় যে সমগ্ৰ চাবুৱা-লাহোৱাৰ সমষ্টিত যোগদানৰ জোৱাৰ উঠিছে৷ মৰাণকাৰী এলেকাৰ তিনি শতাধিক মহিলাই অগপত যোগদান কৰিছে৷ এই যোগদানে সমগ্ৰ চাবুৱা-লাহোৱাল সমষ্টিত অসম গণ পৰিষদক শক্তিশালী কৰিব৷ এইযোগদান যাত্ৰা অব্যাহত থাকিব বুলি দাবী কৰি বিধায়কজনে আৰু কয় যে দললৈ আহিব খোজা সকলোকে আদৰণি জনাম৷ সকলোকে অগপত যোগদান কৰি দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনাইছে বিধায়ক বৰুৱাই৷

  • Related Posts

    কেবিনেটৰ বৈঠক, আইচিটি শিক্ষকৰ দৰমহা ৬ হাজাৰ টকাকৈ বৃদ্ধি

    আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়৷ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত ৰেইবাটাও গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ মন্ত্ৰী ৰণজিৎ দাসে সংবাদমাধ্যমক সম্বোধন কৰি…

    এজেপি নেতা জীতেন গগৈ, ৰাইজৰ দল ত্যাগ হিমাংশু গগৈৰ

    পঞ্চায়ত নিৰ্বাচনত অসমত নতুনকৈ গঠিত দুটাকৈ দলত খহনীয়া আৰম্ভ হৈছে৷ আজি বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে অসম জাতীয় পৰিষদ ত্যাগ কৰাৰ লগতে ৰাইজৰ দল ত্যাগ কৰিছে হিমাংশু গগৈয়ে৷ দুয়োগৰাকী নেতাই…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু