ভোট দিবলৈ সদনলৈ নাহিল ফণীভূষণ, ‘এক দেশ এক নিৰ্বাচন’ক সমৰ্থন কেশৱৰ

দেশৰ আঞ্চলিক দল তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, ঝাৰখণ্ড মুক্তি মৰ্চা আদি আঞ্চলিক দলে বিৰোধ কৰাৰ সময়তে ‘এক দেশ এক নিৰ্বাচন’ক সমৰ্থন কৰিছে অসম গণ পৰিষদে৷ অসম গণ পৰিষদৰ নেতা তথা কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজি কয় যে দেশত জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰা কংগ্ৰেছে ‘এক দেশ এক নিৰ্বাচন’ৰ বিৰোধিতা কৰাটো ডাঙৰ কথা নহয়৷ ‘এক দেশ এক নিৰ্বাচন’ ব্যৱস্থাৰ বাবে ৫ বছৰৰ মূৰত একেলগে বিধানসভা আৰু লোকসভাৰ সদস্যৰ বাবে ভোট দিব পাৰিব দেশৰ জনগণে। ইপিনে এক দেশ এক নিৰ্বাচন ব্যৱস্থাক সমৰ্থন কৰা অগপৰ একমাত্ৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে সদনত বিল উত্থাপনৰ সমৰ্থনত ভোটেই নিদিলে৷ গুৱাহাটীৰ পৰা বিমান যাত্ৰা বিলম্ব হোৱাত সাংসদ চৌধুৰীয়ে ভোট দিব নোৱাৰিলে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৌধুৰীয়ে কয় যে মোৰ বিমান আছিল ৭ বাজি ২০ মিনিটত৷ কিন্তু বিমানৰ যাত্ৰা আৰম্ভ হৈছিল ১০ বজাৰ পিছত৷ লগতে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত দলে বিবেচিত কৰিব আৰু এয়া হোৱাটো উচিত বুলিও কয় চৌধুৰীয়ে৷ লোকসভাত ‘এক দেশ এক নিৰ্বাচন’ বিধেয়ক উত্থাপনৰ সময়ত উপস্থিত নাথাকিল চৌধুৰী। কেশৱ মহন্তই এই বিধেয়ক আৰু এক দেশ এক নিৰ্বাচন ব্যৱস্থাৰ প্ৰতি সমৰ্থন আগবঢ়ায়৷ ইপিনে নিজ দলৰ সাংসদে ভোটদান নকৰা কথাটোৱে অগপৰ স্থিতিক লৈ সন্দেহৰ ৱাতাবৰণ সৃষ্টি হৈছে৷ বিজেপিৰ সৈতে মিত্ৰতাত থাকি অসমৰ চৰকাৰ চলাই থকা দলটোৱে বিজেপিৰ কোৰ এজেণ্ডা এক দেশ এক নিৰ্বাচন ব্যৱস্থাক পূৰ্ণ সমৰ্থন কৰা বুলি ক’লেও লোকসভাত তেওঁলোকৰ একমাত্ৰ সাংসদজনে উপস্থিত নথকা বিষয়টোক লৈ বিজেপি দলৰ ভিতৰচ’ৰাত ব্যাপক চৰ্চা হৈছে বুলি জানিব পাৰ গৈছে৷

  • Related Posts

    অসমত ১৮ খন জিলাত একেলগে মকড্ৰিল, আকাশত বাজি উঠিল ছাইৰেন

    ৰাজ্যৰ ১৮ খন জিলাত আজি বিয়লি ৪ বজাৰ সময়ত একেলগে মকড্ৰিল (সামৰিক অভ্যাস) অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ লগতে অসমতো ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি এই মকড্ৰিল সম্পন্ন কৰা হয়। ভাৰতীয় সেনাই…

    মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগক গোচৰ কংগ্ৰেছৰ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগক এখন পত্ৰ প্ৰদান কৰিছে৷ আজি মহিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ