প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। বিজেপি শাসিত প্ৰতিখন ৰাজ্যতে এই আইন কাৰ্যকৰী কৰা হ’ব বুলি কয় শ্বাহে। এন ডি এ সমৰ্থিত নেতা সকলে এই আইন খনৰ সমৰ্থন কৰা বিপৰীতে লগে লগে এই আইনৰ বিৰোধিতা কৰে উপস্থিত বিৰোধী নেতৃত্বই।

উত্তৰাখণ্ড চৰকাৰে কেনেদৰে ৰাজ্যখনত নাগৰিক সংহিতা প্ৰৱৰ্তনৰ পদক্ষেপ লৈছিল সেই সন্দৰ্ভত শ্বাহে ৰাজ্যসভাত কয়, ‘উত্তৰাখণ্ডত আমাৰ চৰকাৰে ইউনিফৰ্ম চিভিল কোড (ইউচিচি) গৃহীত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। আমাৰ কাম-কাজৰ ধৰণ হ’ল আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া অনুসৰণ কৰো। যিখন আইনে সমাজত এক ডাঙৰ পৰিৱৰ্তন আনিব, উত্তৰাখণ্ড চৰকাৰে সেই আইনখন গৃহীত কৰিছে।”

ইয়াৰোপৰি শ্বাহে কংগ্ৰেছক উদ্দেশ্যি কয় যে, কংগ্ৰেছে নিজ কাৰ্যকালত ইউচিচি অনাত ব্যৰ্থ হৈছিল কিন্তু বিজেপিয়ে প্ৰতিখন ৰাজ্যতে ইয়াক কাৰ্যকৰী কৰিব। লগতে কয় যে, কংগ্ৰেছে ৫০ শতাংশতকৈ অধিক কোটা সীমা বৃদ্ধি কৰি মুছলমানক সংৰক্ষণ দিব বিচাৰিছে। কংগ্ৰেছে মুছলমান ব্যক্তিগত আইনক সমৰ্থন কৰে নেকি সেয়া স্পষ্ট কৰিব লাগে বুলিও দাবী কৰে অমিত শ্বাহে।

উল্লেখ কৰা প্ৰয়োজন যে,এক দেশ এক আইনৰ অৰ্থ হ’ল ভাৰতত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ বাবে একে আইন। এগৰাকী ব্যক্তি যিয়েই জাতি-ধৰ্মৰ নহওক কিয়, প্ৰতিগৰাকীৰ বাবে হ’ব একেই আইন। এক কথাত ক’বলৈ গ’লে প্ৰতিটো ধৰ্ম, জাতি, লিংগৰ বাবে একে আইন। যদি এই আইন প্ৰযোজ্য হয় তেন্তে বিবাহ, বিবাহ বিচ্ছেদ, সন্তান তুলিলোৱা আৰু সম্পত্তি বিভাজনৰ দৰে বিষয়ত সকলো নাগৰিকৰ বাবে এক সমান নিয়ম থাকিব।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে