

প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিশ্বৰ বিখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙক সন্মান জনাই তথা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে সাত দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিংলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ২৬ ডিচেম্বৰৰ পৰা ০১ জানুৱাৰীলৈ ৭ দিনীয়া ৰাজ্যিক শোক পালন কৰিব। এই সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিতকৈ উৰিব৷ সকলো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্যসূচী এই সপ্তাহত বাতিল কৰা হৈছে। অসমৰ পৰা পাঁচবাৰকৈ সাংসদ হোৱাৰ লগতে দুটা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰো ঘনিষ্ট আছিল ড০ মনমোহন সিং৷ হিমন্ত বিশ্ব শৰ্মা পূৰ্বে কংগ্ৰেছত থকাকালত মনমোহন সিং আৰু হিমন্ত বিশ্ব শৰ্মাক বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অনুষ্ঠানত একেলগে দেখা যোৱাৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠানত একেলগে দেখা গৈছিল৷ সেইগৰাকী মনমোহন সিং ৯২ বছৰ বয়সত মৃত্যুবৰণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা পোষ্ট দি স্মৃতি ৰোমন্থন কৰিছে৷ ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণৰ স্থপতি হিচাপে স্মৰণ কৰা সিঙৰ বৃহস্পতিবাৰে দিল্লীৰ এইমছত মৃত্যু হয়। ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু গোলকীয় স্থিতিৰ প্ৰতি অৱদানৰ ফল সমগ্ৰ দেশে লাভ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই বিশেষ ফটো শ্বেয়াৰ কৰি ১৯৯১ চনৰ পৰা ড০ মনমোহন সিং ডাঙৰীয়াৰ সান্নিধ্যৰ সৌভাগ্য লাভ কৰিছিলো বুলি কয়। হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া পোষ্টত কয় ‘‘১৯৯১ বর্ষতে প্ৰথমবাৰৰ বাবে অসমৰ পৰা তেখেত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু ধাৰাবাহিকভাৱে তেখেতে ২৮ বছৰ ধৰি প্ৰতিনিধিত্ব কৰিছিল। ড০ সিং বিনম্ৰতা আছিল অলংকাৰ। ব্যক্তিগতভাৱে তেখেতৰ সৈতে হোৱা প্রতিটো বাৰ্তালাপত সৰলতা, শালীনতা আৰু বৌদ্ধিক দক্ষতাৰ উমান পাইছিলো। বিশেষকৈ প্ৰধানমন্ত্ৰী হিচাপে ড০ সিংৰ কাৰ্যকালত মই তেখেতৰ সৈতে অসম সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত কেইবাবাৰো বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলো আৰু তেখেতে সদায় ধৈৰ্য আৰু একাগ্ৰতাৰে আমাৰ কথা শুনি দিহা দিছিল আৰু সামাজিক সমস্যাবোৰৰ প্ৰতি এক দৃঢ় দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল। বিভাজনৰ পাছৰ ভাৰতক জন্মলগ্নৰে পৰা দেখা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশিষ্ট পদত দেশলৈ সেৱা আগবঢ়াইছিল৷ মুক্তবজাৰ অৰ্থনীতি আৰম্ভ কৰা আৰু দশকজুৰি প্ৰতিক্ৰিয়াশীল সমাজতান্ত্ৰিক নীতিৰ সমাপ্তিৰ ক্ষেত্ৰত তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকাক ভাৰতৰ উত্তৰ প্ৰজন্মই সদায় স্মৰণ কৰিব। তেখেতৰ পৰলোক গমনত ৰাষ্ট্ৰই এগৰাকী মহান দেশপ্ৰেমী, বিদগ্ধ পণ্ডিত, এগৰাকী অগতানুগতিক ৰাজনীতিবিদক হেৰুৱালে। এই মুহূর্তত তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনাৰ লগতে গুৰচৰণ বাইদেউ আৰু পৰিয়ালবর্গ-শুভাকাংক্ষীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।’’ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ভাৰতৰ অৰ্থনৈতিক পুনৰুত্থানৰ ওপৰত সিঙৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰি সামাজিক মাধ্যমত পোষ্ট দিয়ে। সোণোৱালে কয় যে নম্ৰতা আৰু বৃত্তিক মূৰ্ত কৰি তুলিছিল৷ যাৰ ফলত ভাৰতৰ প্ৰগতিত এক অমলিন ছাপ পৰিছিল। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ দুয়োটা দলে কয় যে সিঙৰ পৰিৱৰ্তনশীল নীতিক প্ৰশংসা কৰে।