আজি ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীয়ে আইইডি বিস্ফোৰণ ঘটাই এখন নিৰাপত্তাৰক্ষীৰ বাহন উৰুৱাই দিয়াত এতিয়ালৈকে ৯ জন জোৱান শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে৷ জিলা ৰিজাৰ্ভ গাৰ্ডৰ (ডিআৰজি) জোৱান আৰু এজন চালকে প্ৰাণ হেৰুৱায়। খবৰ অনুসৰি বিজাপুৰ জিলাৰ বেদ্ৰে-কুত্ৰু ৰোডত এই বিস্ফোৰণ সংঘটিত হয়। ডিআৰজি দান্তেৱাড়াৰ জোৱানসকলে এক যুটীয়া অভিযানৰ পিছতে উভতি আহি আছিল৷ যুটীয়া অভিযানটো দান্তেৱাড়া, নাৰায়ণপুৰ আৰু বিজাপুৰ চলিছিল৷ ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী অৰুণ চাওৱে এই আক্ৰমণক কাপুৰুষ বুলি অভিহিত কৰি কয় যে সৈনিকসকলৰ বলিদান অথলে নাযায়৷ ২০২৬ চনৰ মাৰ্চৰ ভিতৰত বস্তাৰক নক্সালবাদৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম৷ এই মাওবাদীৰ আক্ৰমণ যোৱা দুটা বছৰৰ ভিতৰত হোৱা আটাইতকৈ ডাঙৰ আক্ৰমণ। ২০২৩ চনৰ ২৬ এপ্ৰিলত নক্সালবাদীসকলে নিৰাপত্তাৰক্ষী বাহন উৰুৱাই দিয়াৰ ফলত দহ আৰক্ষী কৰ্মী আৰু এজন অসামৰিক চালক নিহত হৈছিল৷ দান্তেৱাড়া জিলাৰ নিৰাপত্তাকৰ্মী কঢ়িয়াই নিয়া কনভয়ৰ গাড়ী আছিল।
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…