বেহাৰবাৰী উৰণীয়া সেঁঁতুত পথ দুৰ্ঘটনা, জিএমচিএইচৰ মৰ্গত অচিনাক্ত যুৱকৰ মৃতদেহ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত পৰি ৰৈছে এজন অচিনাক্ত যুৱকৰ মৃতদেহ৷ মৃতদেহ চমজি ল’বলৈ কোনো অভিভাৱক অহা নাই৷ আৰক্ষীয়েও মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই৷ যাৰ বাবে চাৰিদিনে মৰ্গত ৰাখি থোৱা হৈছে মৃতদেহটো৷ গুৱাহাটীত ১২ জানুৱাৰীত সংঘটিত এক পথ দুৰ্ঘটনাত অচিনাক্ত যুৱকজনৰ মৃত্যু হৈছিল৷ জীৱিত অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও কিছু সময় পিছতে মৃত্যুক আকোৱালি লয়৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত আছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই আৰু অভিভাৱকে আৰক্ষীৰ সৈতে যোগাযোগ কৰা নাই৷ যাৰ বাবে বিমোৰত পৰিছে গুৱাহাটী আৰক্ষী৷ জানিব পৰা মতে, ১২ জানুৱাৰীৰ পুৱা বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰী উৰণীয়া সেঁঁতুত এখন তীব্ৰবেগী অল্টই ৰখাই থোৱা পিকআপ ভানত খুন্দা মাৰিছিল৷ ফলত দুয়োখন বাহনত থকা তিনিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত আটাইকেইজন লোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও অচিনাক্ত যুৱকজনৰ মৃত্যু হয়। প্ৰায় ৩০ বছৰীয়া অচিনাক্ত যুৱকজনে লংপেণ্ট আৰু এটা হাফ জেকেট পিন্ধি আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। যদি অসমৰ কোনো ঠাইৰ প্ৰায় ৩০ বছৰীয়া যুৱক বিগত তিনি-চাৰিদিন ধৰি নিৰুদ্দেশ হৈ আছে তেন্তে গুৱাহাটী আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পাৰিব৷

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…