
গুৱাহাটীত ইগৰাকীৰ পিছত সিগৰাকী প্ৰব্ৰজিত যুৱতীৰ ৰহস্যজন অৱস্থাত মৃতদেহ উদ্ধাৰৰ ঘটনা ঘটিয়েই আছে যদিও এই ঘটনা থমকি ৰোৱাৰ নাম লোৱা নাই৷ বিগত প্ৰায় এটা মাহৰ ভিতৰত প্ৰায় সাত গৰাকী যুৱতৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে৷ নতুন বছৰৰ প্ৰথমটো মাহ সমাপ্ত হোৱাৰ দিশে আগবাঢ়িছে যদিও মৃতদেহ উদ্ধাৰ হৈ গৈয়ে আছে৷ এইবাৰ মহানগৰীত উদ্ধাৰ হৈছে এগৰাকী জনজাতীয় যুৱতীৰ মৃতদেহ৷ সেয়াও ৰহস্যজনক অৱস্থাত৷ যুৱতীগৰাকী ২১ বছৰীয়া জন্মেশ্বৰী বসুমতাৰী বুলি জানিব পৰা গৈছে৷ চানমাৰি আৰক্ষী থানা এলেকাৰ গান্ধীবস্তিৰ প্ৰেমিক ইন্দ্ৰজিৎ পাইটৰ ভাড়াঘৰত উদ্ধাৰ হয় মৃতদেহটো৷ ইতিমধ্যে চানমাৰি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰেমিক ইন্দ্ৰজিৎ পাইটক গ্ৰেপ্তাৰ কৰিছে। জন্মেশ্বৰী বসুমতাৰী আৰু ইন্দ্ৰজিৎ পাইটৰ ঘৰ হৈছে ধেমাজিৰ চিমেনচাপৰিত৷ জানিব পৰা মতে, ২৬ জানুৱাৰীত ইন্দ্ৰজিৎ পাইটৰ আহ্বানত গুৱাহাটীৰ ভাড়াঘৰলৈ লৈ আহিছিল জন্মেশ্বৰী। গুৱাহাটীলৈ অহাৰ পিছতে জন্মেশ্বৰীয়ে ইন্দ্ৰজিৎ পাইটক বিয়াৰ প্ৰস্তাৱ দিছিল৷ বিয়া পতাৰ প্ৰস্তাৱ প্ৰত্যাখানৰ বাবেই যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ কৰা হৈছে৷