দেখদেখকৈ মিথ্য়াচাৰৰ আশ্ৰয়, অসমত গাহৰিৰ ব্যৱসায়ৰ মন মেলা চিপি গ্ৰুপৰ বৈঠকত আছিল মুখ্যমন্ত্ৰী

থাইলেণ্ডৰ চিপি গ্ৰুপক অসমত গাহৰি পালন আৰু ব্যৱসায় কৰিবলৈ আমন্ত্ৰণ কৰিছে চৰকাৰে৷ এডভাণ্টেজ আসামৰ বিনিয়োগকাৰী ৰূপে চিপি গ্ৰুপক অসমলৈ আমন্ত্ৰণ জনাই আনিছিল অসম চৰকাৰে৷ গ্ৰুপটোৰ অধ্যক্ষ আদিৰেক শ্ৰীপ্ৰতক অসম ভ্ৰমণ কৰি ২২ জানুৱাৰীত অসম সচিবালয়ৰ পশুপালন বিভাগৰ মন্ত্ৰীৰ কক্ষত বিশেষ বৈঠকত মিলিত হৈছিল৷ এই বৈঠকতে গ্ৰুপটোৰ অধ্যক্ষগৰাকীয়ে অসমত গাহৰি পালন কৰিবলৈ মন মেলিছিল৷ ৰাজ্য চৰকাৰে সেউজ সংকেত দিছিল৷ সকলোবোৰ হৈছিল মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত আৰু জ্ঞাতসাৰে৷ কিয়নো মুখ্যমন্ত্ৰী খোদ উপস্থিত আছিল এই বৈঠকত৷ তাৰ পিছৰে পৰা গাহৰি পালন আৰু ব্যৱসায় বহিৰাগত পুঁজিপতিক গতাব খোজাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ আছে অসমৰ থলুৱা গাহৰি পালকসকল৷ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সংবাদমেল সম্বোধন কৰি ৩১ জানুৱাৰীৰ পিছত প্ৰতিখন গাঁৱত সদৌ অসম গাহৰি পালন সন্তাই প্ৰতিবাদ কৰাৰ ঘোষণা কৰিছে৷ তাৰ মাজতে এই বিষয়ত সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছিল যে মই এইবোৰ শুনা নাই, খবৰো নাই৷ মুখ্যমন্ত্ৰীয়ে বিষয়টোক লৈ সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰি কয় যে এইবোৰ মই শুনাই নাই৷ গাহৰিৰ ব্যৱসায় বহিৰাগত প্ৰতিষ্ঠানক গতাই দিয়াৰ কথা ক’ৰ পৰা কেনেকৈ আহিল, তাৰ বুনিয়াদ কি মই নাজানো৷ মই মুখ্যমন্ত্ৰী মোৰ ওচৰত কোনো খবৰ নাই৷ বাকী সকলোৰে ওচৰত খবৰ আছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ অসমৰ থলুৱা গাহৰি পালকসকলে বিগত প্ৰায় ১০ দিনৰ ভিতৰত কেইবাখনো সাংবাদিক মেলৰ আয়োজন কৰি এই সিদ্ধান্ত বাতিল কৰিবলৈ কৈ আহিছে৷ প্ৰতিবাদো সাব্যস্ত কৰিছে৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত সম্পূৰ্ণ ৰূপে অজ্ঞতা প্ৰকাশ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো মুখ্যমন্ত্ৰীয়ে দেখদেখকৈ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰীৰ আসনৰ দৰে সন্মানজনক আসনত বহি মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ কিয়নো যিখন বৈঠক যোগে অসমত গাহৰিৰ ব্যৱসায় থাইলেণ্ডৰ চিপি গ্ৰুপক গতাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ বৈঠকত সোঁশৰীৰে উপস্থিত আছিল পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পাল৷ বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মা জাপানৰ পৰা উপস্থিত আছিল ভিডিঅ’ কনফাৰেন্স যোগে৷ মুখ্যমন্ত্ৰী সিদিনা জাপানত বিনিয়োগকাৰী বিচাৰি থকাৰ সময়ত জাপানৰ টকিঅ’ৰ পৰা ভিডিঅ’ কনফাৰেন্স যোগে চিপি গ্রুপৰ সৈতে আলোচনাত মিলিত হৈছিল৷ কেৱল যে ভিডিঅ’ কনফাৰেন্স যোগে চিপি গ্ৰুপৰ সৈতে আলোচনাত মিলিত হৈছে তেনে নহয়৷ মুখ্যমন্ত্ৰীয়ে টুইটাৰত এটা দীঘলীয়া পোষ্ট লিখিছিল ‘‘অসম বিনিয়োগৰ হটস্পট হিচাপে প্ৰতিপন্ন হৈছে৷ টকিঅ’ত দিনটোৰ ব্যস্ততা সম্পূৰ্ণ কৰাৰ পিছতে মই থাইলেণ্ডৰ আগশাৰীৰ কৃষি কোম্পানী চাৰোয়েন পোকফাণ্ড গ্ৰুপৰ অধ্যক্ষ আদিৰেক শ্ৰীপ্ৰতকৰ সৈতে ভিডিঅ’ কনফাৰেন্সত অংশ লও। মই মোৰ কেবিনেট সহকৰ্মী কৃষ্ণেন্দু পালৰ সৈতে অংশ গ্ৰহণ কৰো৷ কোম্পানীটোৰ নেতৃত্ব বৰ্তমান গুৱাহাটীত আছে আৰু তেওঁলোকে ৰাজ্যখনত গাহৰি আৰু কুকুৰা পালন গোট স্থাপন কৰিবলৈ আগ্ৰহী। গাহৰিৰ মাংস হৈছে ৰাজ্যখনৰ এক সাংস্কৃতিক ৰন্ধনপ্ৰণালী বিশ্বৰ বজাৰত প্ৰচাৰ আৰু সম্প্ৰসাৰণ হ’ব৷ এই উদ্যোগত নিয়োজিত আমাৰ যুৱক-যুৱতীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসাহ। দলটোৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হৈ আমি অহা মাহত এডভাণ্টেজ আসাম ২.০ সন্মিলনত তেওঁলোকৰ অংশগ্ৰহণৰ বাবে অপেক্ষাৰত।’’ পোষ্টটোৰ সৈতে মুখ্যমন্ত্ৰী ভিডিঅ’ কনফাৰেন্সত বহা ফটো শ্বেয়াৰ কৰিছিল৷ কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে দেখ দেখদেখকৈ মিছা মাতিছে৷ মই এইবোৰ শুনা নাই, খবৰো নাই বুলি কোৱা কথাষাকত দল-সংগঠনে সহজে ল’ব পৰা নাই৷ মুখ্যমন্ত্ৰীয়ে নিজেই চিপি গ্ৰুপৰ সৈতে বৈঠকত মিলিত হৈ মিছা মতাৰ অন্তৰালত কিবা অন্য ৰহস্য আছে নেকি? সমগ্র বিষয়ত অজ্ঞতা প্রকাশ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কি কথা প্ৰতিয়মান কৰিব খুজিছে সেয়া অসমৰ ৰাইজৰ বাবে সাঁথৰ হৈ পৰিছে৷ ইপিনে এদিন পূৰ্বে দিছপুৰ প্ৰেছ ক্লাৱত সদৌ অসম গাহৰি পালক সন্থাই এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি বিদেশী কোম্পানীক গাহৰি পালনৰ ক্ষেত্ৰখন আৰু বজাৰ গতাই দিব খোজা কাৰ্যৰ তীব্ৰ বিৰোধ কৰিছিল৷ সদৌ অসম গাহৰি পালক সন্থাই গাহৰি আমাৰ আৱেগ আৰু স্বাভিমান বুলি দোহাৰি কেতিয়াও অসমত গাহৰি পালন আৰু গাহৰিৰ বজাৰ থাইলেণ্ডৰ কোম্পানীক গতাই দিব নোৱাৰিব বুলি স্পষ্ট কৰে৷ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰি বিদেশী বণিয়াক গাহৰি পালনৰ ক্ষেত্ৰখন গতাবলৈ পশুপালন বিভাগটো অতুল বৰাৰ হাতৰ পৰা কাঢ়ি নি কৃষ্ণেন্দু পালক দিয়া হৈছে বুলি দাবী কৰিছে৷ সদৌ অসম গাহৰি পালক সন্থাৰ সাধাৰণ সম্পাদক ভাৰত সন্দিকৈ, মুখ্য উপদেষ্টা প্ৰণৱ বৰগোহাঁই, কোষাধ্যক্ষ পদুম গিৰি, মুখপাত্ৰ বিতুপন গগৈয়ে সংবাদমেল সম্বোধন কৰি থলুৱাৰ হাতত থকা গাহৰি পালন ব্যৱস্থা বিদেশী বণিয়াক গতাব খোজাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ যদি চৰকাৰে পুঁজিপতিক গাহৰি পালনৰ ক্ষেত্ৰ গতাব খোজাৰ সিদ্ধান্ত সলনি নকৰে তেন্তে ৩১ জানুৱাৰীৰ পিছত থলুৱা গাহৰি পালকসকল ৰাজপথতত নামিবলৈ সাজু বুলি হুংকাৰ দিয়ে৷ ৩১ জানুৱাৰীৰ পূৰ্বে ৰাজ্য চৰকাৰে থাইলেণ্ডৰ ব্যৱসায়ী গোষ্ঠীক গাহৰি পালন আৰু ব্যৱসায় গতাই দিয়াৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত বাতিল নকৰিলে ৩১ জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিখন গাঁৱত প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘোষণা কৰিছে৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে