বসুন্ধৰাত থলুৱাই দিব নালাগে প্ৰজন্মৰ প্ৰমাণপত্ৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে৷ কেবিনেটে চৰকাৰী কৰ্মচাৰীৰ বাবে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩০ লাখ টকালৈ ঋণ ল’ব পাৰিব। ৩৭,২২৭ গৰাকী কৰ্মচাৰীয়ে ১৫ লাখৰ পৰা ৩০ লাখ টকাৰ ঋণ ল’ব পাৰিব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া আঁচনিৰ অনুমোদন জনাইছে। আঁচনিৰ অধীনত নগৰ অঞ্চলৰ ২ লাখ মহিলাই ১০ হাজাৰ টকাকৈ চিট মানি আৰু ভৱিষ্যতে বেংকৰ ঋণ পাব৷ পূৰ্বে গাঁৱৰ মহিলাসকলক ১০ হাজাৰকৈ টকাকৈ দিয়াৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান গ্ৰাম্যক প্ৰদানৰ সিদ্ধান্ত লৈছে৷ লগতে আন গুৰুত্ব সিদ্ধান্ত গ্ৰণ কৰে ড০ শৰ্মা কেবিনেটে৷ মিছন বসুন্ধৰা পৰ্টেলত আবেদনৰ সময়সীমা ১৫ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়৷ মিছন বসুন্ধৰাত আবেদন কৰিবলৈ অনুসূচিত জনজাতি-জাতি, চাহ জনগোষ্ঠী আৰু গোৰ্খাসকলে তিনিটা প্ৰজন্মৰ প্ৰমাণ দিব নালাগে। কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্ৰদায়ৰ লোকসকলেও এই সুবিধা লাভ কৰিব৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে