
ৰাজ্যত সৰস্বতী পূজাৰ বতৰ৷ বিদ্যাৰ দেৱীৰ বন্দনাৰ বাবে সাজু হৈছে ৰাজ্য৷ বাগদেৱীৰ আশীৰ্বাদ লৈ আকৌ এবাৰ শিক্ষাত ব্ৰতী হ’বলৈ সাজু হৈছে৷ সমানে সৰস্বতী পূজাৰ বতৰত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৃৎশিল্পীৰ লগতে তেজপুৰৰ মৃৎ শিল্পীসকলো ব্যস্ত হৈ পৰিছে৷ তেজপুৰৰ প্ৰসিদ্ধ হাৰিপট্টিৰ মৃৎশিল্পী অনিল পাল আৰু তেওঁৰ পুত্ৰ অসিত ৰঞ্জনপাল, নাতিনী ভাস্ৰন্ত পাল ব্যস্ত হৈ পৰিছে৷ পৰিয়ালৰ সকলোৱে এতিয়া ব্যস্ত দেৱী প্ৰতিমা সৰস্বতীৰ প্ৰতিমূৰ্তিত শেষ পৰশ দিয়াত৷ শিল্পী অসিত পালে জনোৱা মতে প্ৰায় ৫০ জনা দেৱী সৰস্বতীৰ প্ৰতিমা বিভিন্ন অংগসজ্জাৰে সজাই তুলিছে৷ যদিও ব্যৱহৃত ৰং-কাপোৰ আদিৰ মূল্য দুগুনে বৃদ্ধি পোৱাত প্ৰতিমাৰ মূল্যও কিছু বৃদ্ধি কৰিব লগাত পৰিছে৷ তেজপুৰৰ আন এজন মৃৎশিল্পী ৰমেশ পালেও পূজালৈ এদিন থকা অৱস্থাত প্ৰায় ৬০টা প্ৰতিমা নিৰ্মাণ কৰি শেষ পৰশ দিছে৷ পত্নী উজ্জ্বলা পালো ব্যস্ত এতিয়া সাজপাৰ আৰু ৰংদিয়াতঃ৷ পূৰ্ব পুৰুষৰ দিনৰ পৰা ব্যস্ত শিল্পীসকলে মৃৎশিল্পৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দি আহিছে৷ শিল্পীসকলে চৰকাৰী সাহায্য তথা বিশেষ আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এইসকল শিল্পীৰ কথা ভাবিনে চৰকাৰে?