
পাঠশালা অধিৱেশন চলি থকাৰ মাজতে অসম সাহিত্য সভাই বিভিন্ন দিশৰ বঁটাসমূহ ঘোষণা কৰিছে৷ অসম সাহিত্য সভাই অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা নীলমণি সেন ডেকাক প্ৰদানৰ ঘোষণা কৰিছে৷ নলিনীৱালা হাজৰিকাক বাসন্তী বদৰলৈ বঁটা, পাচুগোপাল চক্রৱৰ্তীক হেম বৰুৱা সোঁৱৰণী বঁটা, জয়কান্ত শৰ্মাক শৰৎ চন্দ্র বৰুৱা স্মাৰক বঁটা, প্রমোদ কলিতাক কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা বঁটা, সুমিত্রা হাজৰিকাক হেমচন্দ্র বৰুৱা সোঁৱৰণী বঁটা, অদিতি খাউণ্ডক প্রেমধৰ দত্ত সোঁৱৰণী বঁটা, অপৰাজিতা পূজাৰীক গিৰিধৰ শৰ্মা বঁটা, চন্দনা পাঠকক নকুল চন্দ্র সভাপণ্ডিত সোঁৱৰণী বঁটা প্ৰদানৰ ঘোষণা কৰা হৈছে৷ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ বঁটা ঘোষণা কৰা হৈছে৷ ‘চিৰদিন অসমীয়া’ শীৰ্ষক গ্রন্থৰ বাবে ময়ূৰ বৰাক, ‘অ’ মোৰ সুৱদি মাত’ শীৰ্ষক গ্রন্থৰ বাবে ভৱানী প্রসাদ অধিকাৰীক, ‘অসমৰ ঐতিহ্য’ শীৰ্ষক গ্রন্থৰ বাবে শান্তনু কৌশিক বৰুৱাক, ‘অসমৰ যাত্রা অভিনয়ৰ ইতিহাস’ শীৰ্ষক গ্রন্থৰ বাবে ধীৰেন শৰ্মাক, ‘ভাষাৰ মৰণ যাত্রা’ শীৰ্ষক গ্রন্থৰ বাবে সীমা বৰাক, ‘সোমদিৰি নৈৰ জীৱন ঘাট’ শীৰ্ষক গ্রন্থৰ বাবে সোণমণি দাসক, ‘ছহিদ কণকলতা বৰুৱা আৰু অন্যান্য’ শীৰ্ষক গ্রন্থৰ বাবে বৰ্ণালী শইকীয়াক সভাপতিৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। প্ৰাক্তন সভানেত্ৰী মৃণালিনী দেৱীক ‘সাহিত্য সভাৰ জীৱনজোৰা সাহিত্য প্রাণ’ বঁটা, নীলোৎপল শৰ্মাক উগ্রতাৰা ন্যাস বঁটা, বেদব্রত মিশ্রক ফণী তালুকদাৰ-ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা, চন্দনা বেজবৰুৱাক উত্তম চন্দ্র বৰুৱা সোঁৱৰণি বঁটা, জ্যোতি কুমাৰী শৰ্মাক অনিল কুমাৰ শৰ্মা সোঁৱৰণি বিজ্ঞান সাহিত্য বঁটা, ভৰত ৰাজখোৱালৈ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা, অভিজিৎ গগৈক কাব্যশ্রী হাজৰিকা বঁটা, হৰিন্দ্র মোহন নাথক দুৰ্গাধৰ বৰকটকী সোঁৱৰণি বঁটা, ডা০ শংকৰ কুমাৰ দাসক গোপালচন্দ্র বৰুৱা বঁটা আৰু হৰিপ্রসাদ নেওগ মুদ্রণ-অলংকৰণ বঁটা প্ৰদানৰ ঘোষণা কৰা হয়৷