
নিষিদ্ধ ঘোষিত আলফা স্বাধীনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জাননী মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ট্ৰিবিউনেলত হাজিৰ হৈ আলফা স্বাধীনক কিয় বেআইনী সংগঠন ঘোষণা কৰা নহ’ব সেই কথা উত্তৰ দিবলৈ কোৱা হৈছে৷ আনহাতে, বিদ্ৰোহী সংগঠনটোৱে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ পঞ্জীয়কক ৩০ দিনৰ ভিতৰত উত্তৰ বা আপত্তি লিখিত ৰূপত জমা দিব লাগিব। পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনক উত্তৰ প্ৰদানৰ বাবে ৩০ দিনৰ সময় সীমা দিয়া হৈছে৷ ৪ মাৰ্চৰ ৩ বজাৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ট্ৰিবিউনেলত সংগঠনটোৰ কোনো প্ৰতিনিধি সোঁশৰীৰে নাইবা কোনো অধিবক্তাক প্ৰেৰণ কৰি উত্তৰ দিব পাৰিব৷ জাননীত স্পষ্ট কৰা হৈছে যে ৪ মাৰ্চৰ ৩ বজাৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ট্ৰিবিউনেললৈ আলফাই বৈধ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধি বা অধিবক্তা বা আইন উপদেষ্টা প্ৰেৰণ কৰিব লাগিব। প্ৰতিনিধি উপস্থিত থাকিবলৈ ২নং আদালত ট্ৰিবিউনেল নিৰ্ধাৰণ কৰা হৈছে৷ জাননীত উল্লেখ্য যে, এই শুনানিত আলফাৰ সকলো গোট, উপ-শাখা আৰু উপ-সংগঠনো অন্তৰ্ভুক্ত কৰা হৈছে৷ অনাগত ৫ বছৰলৈ বিদ্ৰোহী সংগঠন আলফাক নিষিদ্ধ ঘোষণা কৰাৰ চিন্তা কৰিছে কেন্দ্ৰই। যদি আলফাৰ যোগ্য উত্তৰ দিব নোৱাৰে তেন্তে ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা ৫ বছৰৰ বাবে নিষেধাজ্ঞা কাৰ্যকৰী হ’ব।