

ই-সংবাদ, চাবুৱা-লাহোৱাল, ৫ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় জিলাৰ ধেমেচিৰ কলালোৰ কোঁচগাঁও ৰাস ৰঙ্গমঞ্চত ১২ ফেব্ৰুৱাৰীত ৫১৫ সংখ্যক মহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী পালনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত খোৱাং আঞ্চলিক সমিতি, অৰুণোদয় সংঘ, সন্মিলিত যুৱ মঞ্চ ধেমেচিৰ সহযোগত পালন কৰিবলগীয়া চিলাৰায় দিৱসৰ কাম-কাজ পূৰ্ণ গতিত চলি আছে৷ কাৰ্যসূচী অনুসৰি সিদিনা পুৱা ৭ বজাত মাৰাথান দৌৰ প্ৰতিযোগিতা, ৮ বজাত পতাকা উত্তোলন, ৮.৩০ বজাত স্মৃতি তৰ্পণ আৰু মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ, ৯ বজাত প্ৰতিযোগিতা, ১০ বজাত বাৰেৰহনীয়া সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা, দুপৰীয়া ১২ বজাত মুকলি সভা, বিয়লি ৪ বজাত ৰাজীৱ শদিয়া সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান, প্ৰদৰ্শনীমূলক সৃষ্টিশীল নৃত্য প্ৰদৰ্শন আৰু উজনিৰ জনপ্ৰিয় শিল্পী কুসুম কৈলাশ আৰু মাধৱ ৰঞ্জনৰ গীতৰ শৰাই আগবঢ়াব৷ ৯ বজাত অনুষ্ঠানৰ সামৰণি পৰিব। সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰূপম কোঁচ, সম্পাদক মনজিৎ দত্ত, খোৱাং আঞ্চলিক সমিতিৰ সভাপতি উজ্জ্বল বৰা, সম্পাদক দিব্যজ্যোতি চৌধুৰী, আদৰণি সমিতিৰ সভাপতি কুকিল দত্ত, কাৰ্যকৰী সভাপতি কল্যাণ দত্ত আৰু সম্পাদক উজ্জ্বল বৰুৱাই সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ কামনা কৰিছে৷