মল্লযুঁজ-বক্সিঙত মানুহ মৰে, ন্যায়ালয়েটো বন্ধ কৰা নাই, ম’হ যুঁজ-বুলবুলি যুঁজ আৰম্ভ কৰাৰ দাবী

অসমত বিগত কেইবাটাও বছৰ ধৰি ম’হ যুঁজ, বুলবুলি যুঁজ ন্যায়ালয়ৰ নিৰ্দেশত বন্ধ কৰি দিয়া হয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দি এনে যুঁজ নিষিদ্ধ কৰিছে যদিও ম’হ যুঁজ আৰু বুলবুলি যুঁজ পুনৰ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে বিজেপিৰ নেতাই৷ বিজেপিৰ নেতা তথা দিছপুৰৰ বহু বিতৰ্কিত বিধায়ক অতুল বৰাই ন্যায়ালয়ৰ নিৰ্দেশত নাৰাজ হৈ অসমীয়াৰ পৰম্পৰা বৰ্তাই ৰাখিবলৈ মতামত প্ৰকাশ কৰিছে৷ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে নাৰাজ দিছপুৰীয়া বিধায়ক অতুল বৰা বুলবুলি যুঁজ আৰু ম’হ যুঁজ পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে৷৷ ন্যায়ালয়ে বুলবুলি যুঁজ আৰু ম’হ যুঁজত নিষেধাজ্ঞা আৰোপ কৰাত নাৰাজ বিধায়ক অতুল বৰাই ন্যায়ালয়ৰ ৰায়ক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰে৷ বুলবুলি যুঁজ আৰু মহযুঁজক মল্লযুঁজাৰুৰ সৈতে তুলনা কৰে বিধয়গৰাকীয়ে৷ বিধায়কগৰাকীৰ যুক্তি মতে, মল্লযুঁজত মানুহ মৰে৷ কিন্তু মল্লযুঁজ ন্যায়ালয়ে বন্ধ কৰা নাই৷ বক্সিঙত মানুহ মৰে, ন্যায়ালয়ে বক্সিং বন্ধ কৰা নাই৷ অসমীয়াৰ স্বাভিমান বুলবুলি যুঁজ আৰু মহযুঁজ পুনৰ আৰম্ভ কৰিব লাগে বুলি কয় দিছপুৰীয়া বিধায়কগৰাকীয়ে৷ বিদায়কগৰাকীয়ে বাৰে বাৰে কৈছে অসমৰ পৰম্পৰাৰ সৈতে জড়িত খেল দুবিধ চৰকাৰে বন্ধ কৰা নাই৷ ন্যায়ালয়েহে বন্ধ কৰিছে৷ উল্লেখ্য যে, পহিলা মাঘত অসমত প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হয় ম’হ যুঁজ, বুলবুলি যুঁজ। ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বুলবুলি আৰু ম’হ যুঁজ নিষিদ্ধ কৰিছিল৷ ৮ বছৰে মাঘত অসমত অনুষ্ঠিত হোৱা নাছিল ম’হ যুঁজ আৰু বুলবুলি যুঁজ৷ কিন্তু ২০২৩ চনৰ ২৭ ডিচেম্বৰত অসম চৰকাৰে এছঅ’পি জাৰি কৰি বুলবুলি, ম’হ যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি দিছিল৷ ২০২৩ চনৰ জানুৱাৰী মাহত মৰিগাঁৱৰ আহগুৰিত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ গোনামহৰ যুঁজ প্ৰত্যক্ষ কৰিছিল৷ আইনগতভাৱে নিষিদ্ধ ম’হ যুঁজ আৰু বুলবুলি যুঁজ অনুষ্ঠিত কৰাৰ বাবে বিশেষ এছঅ’পি উলিয়াই নিৰ্দেশনা জাৰি কৰাত ৮ বছৰৰ মূৰত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হৈছিল বুলবুলিৰ যুঁজ। বিগত ১৭ ডিচেম্বৰত পিপল ফৰ দা এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলচ চমুকৈ পেটাই পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লয় আদালতে৷ ‘পেটা’ই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি বিগত বছৰত অসম চৰকাৰে জাৰি কৰা ম’হ যুঁজ আৰু বুলবুলি যুঁজৰ বাবে আজি এছঅ’পি বাতিল কৰে৷ ২০২৩ চনৰ ২৭ ডিচেম্বৰত অসম চৰকাৰে জাৰি কৰা এছঅ’পি বাতিল কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱশীষ বৰুৱাৰ আদালতে৷ পেটাই ম’হ আৰু বুলবুলি যুঁজে পশুৰ প্ৰতি নিষ্ঠুৰতা ৰোধ কৰিবলৈ থকা প্ৰতিৰোধ আইন-১৯৬০ উলংঘা আৰু বুলবুলি যুঁজে বন্যপ্ৰাণী সুৰক্ষা আইন-১৯৭২ উলংঘা কৰা বুলি আদালতত যুক্তি দিছিল৷ পেটা ইণ্ডিয়াই আদালতত দিয়া আবেদনত উল্লেখ কৰিছিল যে আতংকিত আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ম’হক প্ৰহাৰ কৰি যুঁজিবলৈ বাধ্য কৰোৱা হয়৷ ভোকত আৰু নিচাগ্ৰস্ত বুলবুলিক খাদ্যৰ বাবে যুঁজিবলৈ বাধ্য কৰা হয়। প্ৰচুৰ জন্তুৰ উৎপীড়ন হয়৷ কোনো নিমাখিত জন্তুৱে আঘাতৰ যন্ত্ৰণা আৰু সন্ত্ৰাস অনুভৱ কৰি জনসমাগমৰ সন্মুখত ৰক্তক্ষয়ী সংঘৰ্ষত লিপ্ত হ’বলৈ নিবিচাৰে। এছঅ’পিত কেন্দ্ৰীয় আইন আৰু উচ্চতম ন্যায়ালয়ৰ আদেশৰ স্পষ্ট উলংঘন হৈছে৷ ২০২৩ চনৰ ১৬ জানুৱাৰীত মৰিগাঁও জিলাৰ আঁহতগুৰিত ম’হৰ যুঁজক লৈ কৰা সংগ্ৰহ কৰা তথ্যত প্ৰকাশ পাইছিল যে ম’হক যুঁজিবলৈ প্ৰৰোচিত কৰিবলৈ, মালিকসকলে লাঠিৰে প্ৰহাৰ কৰিছিল৷ যুঁজত নামিবলৈ প্ৰহাৰ কৰি লাঠিৰে আঘাত কৰিছিল৷ ইটো ম’হক সিটো ম’হৰ ওচৰলৈ গৈ যুঁজত লিপ্ত হ’বৰ বাবে নাকত পঘাৰ নাকী লগাই টনা হৈছিল৷ ইমানে নহয়, ম’হৰ মালিকে যুঁজ চলি থকাৰ সময়তে ম’হক লাঠিৰে প্ৰহাৰ কৰি নিয়ন্ত্ৰণ কৰিছিল৷ ম’হৰ শিঙত ধৰি যুঁজত লিপ্ত কৰোৱা…

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে