ভূপেন বৰাৰ আৱাসত বিশেষ বৈঠক, ৰঙানদী সমষ্টিত একেখন মঞ্চত লুৰীণ-ভূপেন-ৰকিবুল-অজিত

আজি ৰঙানদী সমষ্টিৰ পৰা কাৰ্যত ২০২৬ চনৰ নিৰ্বাচনৰ ৰণশিঙা বজালে বিৰোধীয়ে৷ ৰঙানদী সমষ্টিৰ বিষ্ণু নগৰ আদৰ্শ গাঁৱৰ পৰিচালনা সমিতিৰ উদ্যোগত বিষ্ণু নগৰ আদৰ্শ গাঁৱত বগীৰাম বৰা স্মৃতি ভৱনৰ আধাৰ শিলা স্থাপন অনুষ্ঠানত একত্ৰিত হয় আটাইকেইটা বিৰোধী দলৰ নেতা৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ ৰকিবুল হুছেইন, অজিত কুমাৰ ভঞা একত্ৰিত হয়৷ ভপেন কুমাৰ বৰাৰ প্ৰয়াত পিতৃ বিশিষ্ট শিক্ষক বগীৰাম বৰাৰ সোঁৱৰণত নিৰ্মাণ কৰিবলৈ লোৱা এটি প্ৰেক্ষাগৃহৰ আধাৰশিলা মুকলি কৰি সাংসদ অজিত কুমাৰ ভূঞা আৰু ৰকিবুল হুছেইনে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মানুহক সজাগ আৰু সচেতন কৰিবৰ বাবেই সকলো পক্ষই একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে থিয় হ’ব লাগিব বুলি উল্লেখ কৰে৷ অজিত কুমাৰ ভূঞাই কয় যে বৰ্তমান সময়ত অপ-সংস্কৃতি আৰু ভয় ভাবুকিব ৰাজনীতি চলিছে৷ এই ৰাজনীতিৰ বিৰুদ্ধে আমি সাংস্কৃতিকভাৱে মানুহক জাগ্ৰত কৰিবলৈ এইধৰণৰ প্ৰচেষ্টা হাতত ল’বলাগিব বুলি কৈ ভূঞাই ভূপেন কুমাৰ বৰাৰ পিতৃৰ প্ৰতি দেখুওৱা শ্ৰদ্ধা আৰু ভক্তিক শলাগ লয়৷ ধবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে কংগ্ৰেছে অসমত কৰা কেইবাটাও কামৰ উদাহৰণ দি কয় যে কংগ্ৰেছে সদায় ইতিবাচক চিন্তা কৰিছিল৷ যাৰ বাবে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সোঁৱৰণত সমগ্ৰ অসমৰ ১১৯টা ব্লকত সুধাকণ্ঠ মঞ্চ নিৰ্মাণ কৰিছিল৷ আজি ভূপেন কুমাৰ বৰাৰ পিতৃৰ সোঁৱৰণত বনোৱা মঞ্চত সহায় কৰিবলৈ পায় ধন্য হোৱা বুলি কয়৷ হুছেইনে আৰু কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেৱল মানুহক ভয়-ভাবুকি আৰু অপপ্ৰচাৰৰ দ্বাৰা আচ্ছন্ন কৰি ৰাখিছে৷ এই আচন্নতাৰ পৰা মুক্তি পাবলৈ সকলো পক্ষ একত্ৰিত হৈ ২০২৬ চনৰ বাবে সাজু হ’ব লাগে বুলিও উল্লেখ কৰে৷ প্ৰসংগ ক্ৰমে ৰকিবুল হুছেইনে মন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ কীৰ্তনখন অসমীয়া ভাষালৈ অনুবাদ কৰাইছিল আৰু শংকৰদেৱ সংঘৰ সেই মহান কামত জড়িত হৈ তেওঁ নিজেই ধন্য হৈ পৰিছিল৷ জামগুৰিহাতৰ বাৰেচহৰীয়া ভাওনাত উপস্থিত থাকি মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দ্বাৰা দিয়াই নিজেই পৰম কৃতাৰ্থ হৈছিল৷ ইপিনে উদাত্ত কণ্ঠে দিয়া ভাষণত ঐক্যবদ্ধ শক্তিক বিজেপিয়ে সদায় ভয় কৰে বুলি কয়৷ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ, অনিয়মক মূল লক্ষ্য হিচাপে লৈ এইবাৰ একত্ৰিত বিৰোধিয়ে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে৷ ইয়াৰ পূৰ্বে আদৰমী ভাষণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজৰ পিতৃৰ সপোন পূৰণ কৰিবলৈ দুজনকৈ সাংসদে সংসদ পুঁজিৰ ১০ লাখ টকাকৈ ধন প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ বৰাই লগতে কয় যে এই প্ৰেক্ষাগৃহটো সকলো ধৰ্মাৱলম্বী লোকৰ বাবে মুকলি কৰিব পাৰিব৷ সকলো ৰাজনৈতিক দলৰ মানুহ কাৰ্যসূচী, সাংস্কৃতিক অনুষ্ঠান আৰু মুকলি মনেৰে কথা পাতিব পাৰিব বুলি কোৱাৰ লগতে অসমত কৃষ্টি-সংস্কৃতি আৰু ৰাজনৈতিক সদ্ভাৱ বিয়পাবলৈ কংগ্ৰেছ দলে সদায়েই কাম কৰি আছে আৰু আগভাগ লৈ আহিছে৷ ২০২৬ চনত ৰাজনৈতিক ক্ষেত্ৰৰ কথা-বতাৰবোৰটো সকলো দলক লগত লৈ বিজেপি বিৰোধী শক্তিক শক্তিশালী কৰাৰ সময় আহি পৰিছে আৰু ২০২৬ক লক্ষ্য কৰি বিৰোধী ঐক্য অব্যাহত থাকিলে, বিজেপি বিৰোধী শক্তি একত্ৰিত হৈ থাকিলে অপশক্তিক অপসাৰিত কৰি সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে অসমক উদ্ধাৰ কৰিব পাৰিব বুলি কয় সভাপতি বৰাই৷ সভাত চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ উপস্থিত থাকে৷ ইপিনে সভাৰ অন্তত ভূপেন বৰাৰ আৱাসত লুৰীণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা আৰু ভূপেন বৰাই বৈঠকত মিলিত হয়৷

  • Related Posts

    দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

    ১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…