নিযুক্তিক লৈ ফেক ৱেবছাইট, কঠোৰ ব্যৱস্থাৰ নিৰ্দেশ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

দুষ্টচক্ৰই জলসম্পদ বিভাগত নিযুক্তিৰ ভুৱা প্ৰচাৰ চলোৱা গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এটা দুষ্ট চক্ৰই ভুৱা ৱেবছাইট যোগে চাকৰিৰ নামত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ভুৱা ৱেবছাইট যোগে চাকৰি লাভ কৰা লোকৰ তালিকা প্ৰকাশ কৰি প্ৰৱঞ্চনা কৰিব খোজাৰ অভিযোগৰ মাজতে আজি বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকাই এই চক্ৰটোৰ বিৰুদ্ধে কঠোৰৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে৷ জলসম্পদ বিভাগৰ নামত ভুৱা ৱেবচাইট খুলি নিযুক্তিত লৈ প্ৰচাৰ চলাই থকাৰ বিষয়টো বিভিন্ন পক্ষৰ নজৰত পৰি আহিছে৷ তাৰ মাজতে আজি সামাজিক মাধ্যম যোগে মন্ত্ৰী হাজৰিকাই চক্ৰটোত উৎখাত কৰাৰ লগতে গোচৰ ৰুজুৰ বাবে বিভাগক কঠোৰ নিৰ্দেশ দিয়ে৷ ডেমক্ৰেটিক য়ুথ ফেডাৰেচন অফ ইণ্ডিয়াই প্ৰায় এমাহ পূৰ্বে এই বিষয়টো গুৰুত্বসহকাৰে দাঙি ধিৰিছল৷ ডেমক্ৰেটিক য়ুথ ফেডাৰেচন অফ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিয়ে জলসম্পদ বিভাগৰ নামত ফেক ৱেবছাইট খুলি নিযুক্তিকৈ লৈ বিভিন্ন তথ্য প্ৰকাশ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল৷ ১১ জানুৱাৰীতে ডিজিপি, ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ বিৰোধী কোষক পত্ৰ দিছিল। চৰকাৰী বিভাগটোৰ নামত ফেক ৱেবছাইট খুলি নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰাৰ লগতে বিভিন্ন তথ্য জাৰি কৰিছিল৷ যাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ সংগঠনটোৱে অভিযোগ উত্থাপনৰ প্ৰায় এমাহ পিছত আজি বিভাগীয় মন্ত্ৰীজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে একাংশ দুষ্টচক্ৰই জলসম্পদ বিভাগৰ নামত ভুৱা ৱেবচাইট খুলি নিযুক্তি সম্পৰ্কীয় অপপ্ৰচাৰ চলাই থকা আমাৰ দৃষ্টিগোচৰ হৈছে। আপোনালোকে যদি এনে কোনো চক্ৰৰ পৰা জলসম্পদ বিভাগত ভুৱা নিযুক্তিৰ কোনো বাৰ্তা লাভ কৰিছে তেন্তে শীঘ্ৰেই বিভাগীয় কাৰ্যালয়ত যোগাযোগ কৰক। ইতিমধ্যে এই দুষ্টচক্ৰৰ বিৰুদ্ধে গোচৰ প্ৰদানৰ বাবে বিভাগক নিৰ্দেশ দিয়া হৈছে। ন্যস্ত স্বাৰ্থজড়িত এনে কু-অভিপ্ৰায় কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লোৱা হ’ব। নিযুক্তি সম্পৰ্কীয় যিকোনো তথ্য বা বাতৰি থাকিলে, চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা হ’ব। এনে ভুৱা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ মই ৰাইজৰ প্ৰতি আহ্বান জনাইছো বুলিও কয় হাজৰিকাই৷

  • Related Posts

    দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

    ১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…