অত্যাধিক যৌনগন্ধী কণ্টেণ্ট, ৫ ইউটিবাৰৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে, গুৱাহাটীত দেশৰ ৫ ইউটিউবাৰৰ ইউটিউবাৰ আশীষ চাঞ্চলানি, জছপ্ৰীত সিং, অপূৰ্ব মাখিজা, ৰণবীৰ আল্লাবাদিয়া, সময় ৰাইনা আদিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে অসম আৰক্ষীৰ অপৰধা শাখাই৷ অত্যাধিক যৌনগন্ধী কথা-বাৰ্তা আৰু নাৰী সমাজৰ শালীনতা হানি হোৱা কণ্টেণ্টেৰে ষ্টেণ্ড আপ কমেডি কৰি বিতৰ্কিত সোমাই পৰা সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াছ গট লেটেণ্ট’ৰ শেহতীয়া খণ্ডৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত মুখ্যমন্ত্ৰীয়ে গোচৰৰ তদন্তৰ নিৰ্দেশ দিয়ে৷ গুৱাহাটীৰ নয়নপুৰৰ আলোক বৰুৱা নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত ৰুজু হয় গোচৰ৷ মাতৃ সমাজ, নাৰীৰ যৌনাংগক বিকৃত ৰূপত কৌতুক কৰিছিল শেহতীয়া খণ্ডটোত৷ সকলো সীমা অতিক্ৰম কৰি যৌনতাক কণ্টেণ্টে কৰাত খণ্ডটো প্ৰচাৰ হোৱাৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰে গোচৰ ৰুজু কৰাৰ লগতে দেশৰ ৰাষ্ট্ৰীয় মহিলা আয়োগে গুৰুত্বসহকাৰে লয়৷ তাৰ মাজতে আজি অসমত গোচৰ ৰুজু কৰা হৈছে৷ দেশৰ ৫ ইউটিবাৰৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম বান্সত এজাহাৰ দাখিল হোৱা এজাহাৰৰ ভিত্তি গোচৰ ৰুজু কৰা হৈছে৷ সামাজিক মাধ্যমত বিশেষ পোষ্ট দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ নামৰ এটা অনুষ্ঠানত অশ্লীলতাৰ প্ৰচাৰৰ বাবে তেওঁলোকৰ সকলোৰে বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ ইণ্ডিয়াছ গট লেটেণ্টত অশ্লীল মন্তব্য কৰাৰ বাবে সময় ৰাইনা আৰু ৰণবীৰ আল্লাহবাদিয়াৰ বিৰুদ্ধে ইতিমধ্যে মুম্বাইত এজাহাৰ দাখিল কৰা হৈছে৷ অসমত আশীষ চাঞ্চলানি, জশপ্ৰীত সিং, অপূৰ্ব মাখিজাৰ বিৰুদ্ধেও দাখিল কৰা হৈছে এজাহাৰ৷ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে গুৱাহাটী অপৰাধ শাখাই। এই ক্ষেত্ৰত আজি পুৱাই ৰণবীৰ আল্লাবাদিয়াই ক্ষমা বিচাৰিছে। সামাজিক মাধ্যমত কৈছিল যে মোৰ মন্তব্য সঠিক নাছিল আৰু ধেমেলীয়াও নাছিল।

  • Related Posts

    দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

    ১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…