

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ আজি বৈঠক অনুষ্ঠিত হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ বৈঠক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰভাৱ নিৰূপণ সন্দৰ্ভত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে। এছআইটি গঠন কৰি চৰকাৰে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ কথা উল্লেখ কৰিছিল যদিও মুখ্যমন্ত্ৰীয়ে এছআইটি গঠন কৰিবলৈ সাহস নকৰিলে। মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়াৰ অনুমতি লয়৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসম পূৰ্বৰ পৰা আইএছআইৰ লক্ষ্য৷ পাকিস্তানী কূটনৈতিক তৌকিৰ শ্ৱেখৰ সহায়ক আছিল এলিজাবেথ। শ্ৱেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে। অসম আৰু ভাৰতৰ তদন্তকাৰী সংস্থাক দিয়া হ’ব আৰু ভিছা, পাচপ’ৰ্টৰ পৰীক্ষাত গৌৰৱ গগৈক সহযোগ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আৰু কয় যে পাকিস্তান চৰকাৰৰ পৰামৰ্শদাতাৰ পদৰ লগতে এনজিঅ’ লীড পাকিস্তানৰ প্ৰতিষ্ঠাতা আলী শ্বেখৰ অধীনত কাম কৰিছিল ব্ৰিটিছ নাগৰিক এলিজাবেথ গগৈয়ে৷ আলী শ্বেখ ভাৰত বিৰোধী কাম-কাজত লিপ্ত। ভাৰত বিৰোধী শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কেবিনেটে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে৷ গোচৰ ৰুজুৰ পিছতে তদন্তকাৰী আৰক্ষীয়ে এছআইটি গঠন কৰিব পাৰে। এনআইএক অথবা চিবিআইক হস্তান্তৰ কৰিব পাৰিব