
গুৱাহাটীৰ খানাপাৰাত এডভাণ্টেজ আসাম ২.০ৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মন আচাৰ্য্য উপস্থিতত আজি কেবাটাও খণ্ডৰ বিনিয়োগক লৈ আলোচনা কৰা হয়৷ বিনিয়োগ সন্মিলন আজি উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশ-বিদেশৰ বিভিন্ন উদ্যোগপতি, অৰ্থনীতিবিদ তথা প্ৰতিনিধিৰ উপস্থিতিত আজিৰ এই সন্মিলনত আগন্তুক দিনত আদানি গ্ৰুপে ৫০ হাজাৰ কোটি টকা, ৰিলায়েঞ্চ গ্ৰুপে ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ লগতে বেদান্ত গ্ৰুপে ১ লাখ বেৰেল তেল উৎপাদন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ উদ্যোগপতি, অৰ্থনীতিবিদ তথা প্ৰতিনিধিসকলৰ উপস্থিতিত আজি আৰু কাইলৈ আন কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ’ব৷