
জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুপম সৃষ্টি ভাওনাক অপমান কৰি ভাওনাৰ লগত ব্যস্ত থাকিলে সময় নষ্ট হ’ব বুলি ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ মন্ত্ৰী অশোক সিংহলে অতি আপত্তিজনক মন্তব্য প্ৰকাশ কৰা কাৰ্য্যক অসম সত্ৰ মহাসভাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানী আৰু সম্পাদক প্ৰধান কুসুক কুমাৰ মহন্তই এই সন্দৰ্ভত প্ৰকাশ এটা বিবৃতিত এনে মন্তব্যই গুৰুজনাই ভাওনাকে ধৰি বিভিন্ন সৃষ্টিৰাজিৰে বৃহত্তৰ অসমীয়া জাতিটোক বিশ্বৰ বুকুত প্ৰতিষ্ঠা হ’বলৈ বাট দেখুৱাই যোৱাৰ বাবে থৈ যোৱা বৰ্ণিল সৃষ্টি-সম্ভাৰ আৰু গুৰুজনাৰ আদৰ্শ আৰু মতবাদক ভেটি কৰি অসমখন পূব-পাকিস্তানৰ লগত চামিল হোৱা পথ বন্ধ হৈছিল, সেইজনা মহান গুৰুৰ প্ৰতিভাক এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে উপলুঙা আৰু অপমান কৰা কাৰ্য্যক সত্ৰ মহাসভাই তীব্ৰ গৰিহণা দিছে। সত্ৰ মহাসভাই যিসময়ত ভাৰত চৰকাৰে ভাওনাৰ লগত জড়িত শিল্পী আৰু কলা-কুশলীসকলক পদ্মশ্ৰী আৰু সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত কৰিছে সেইসময়তে মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই কেৱল গুৰুজনাক অপমান কৰাই নহয় সমগ্ৰ অসমীয়া জাতিৰ সংস্কৃতিৰ মূল সত্ত্বাক আঘাত কৰিছে বুলি মতপ্ৰকাশ কৰি অসম সত্ৰ মহাসভাই মন্ত্ৰীগৰাকীক সত্ৰ সংস্কৃতি বিৰোধী এনে মন্তব্য তৎকালীনভাৱে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।