
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা কৰে৷ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত কঠোৰ ব্যৱস্থা কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰে৷ কেইবাটাও নতুন নিয়ম আনিব চৰকাৰে। অসমত নতুন কিবা বিশ্ববিদ্যালয় স্থাপন কৰিবলগীয়া হ’লে ৰাষ্ট্ৰীয় নিৰাপত্তাজনীত সুৰক্ষাৰ স্বাৰ্থত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সুৰক্ষা ক্লিয়াৰেন্স অনিবাৰ্য হ’ব৷ বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ আৰু ধৰ্মান্তৰজনিত শিক্ষা দিব নোৱাৰিব। আইআইটি উত্তীৰ্ণ হৈ বিভিন্ন ক্ষেত্ৰত কৰ্মত ছাত্ৰ-ছাত্ৰীৰ বাবে পেন আইআইটি এলুমিনিয়াম এছ’চিয়েচন গঠনৰ সিদ্ধান্ত লয় চৰকাৰে৷ ৯০ কোটি টকা আৱণ্টন দি ১০টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰো সিদ্ধান্ত লয়৷ উপাচাৰ্য নিযুক্তি আইৰ সংশোধনৰ বাবে কেবিনেট অনুমোদন। অসমত নতুনকৈ স্থাপিত বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য নিযুক্তিৰ বাবে সংশোধনী উত্থাপন হ’ব বিধানসভাত। লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগত থলুৱা ঠিকাদাৰ বৃদ্ধিৰ বাবে নিয়ম শিথিলৰ সিদ্ধান্ত। অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰাসকলে লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগত ঠিকাৰ পঞ্জীয়নৰ বাবে নিয়ম শিথিল কৰা হ’ব। নতুনকৈ পঞ্জীয়নৰ কৰিব বিচৰাসকলে পূৰ্বে ঠিকা কৰাৰ চাৰ্টিফিকেট, মেচিনেৰি, চিকিউপিটি মানি আদি দিব নালাগিব৷ এডভাণ্টেজ আসামৰ প্ৰতিশ্ৰুতি অনুসৰি অসমত নতুন দুখন দক্ষতা বিকাশ বিশ্ববিদ্যালয় এখন দৰঙত, আনখন তিনিচুকীয়াত স্থাপন হ’ব। অসমত অট্টালিকা নিৰ্মাণ কৰিলে ৫ শতাংশ বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব। অসমৰ অৰ্থনীতি বিকাশৰ বাবে অট্টালিকাসমূহৰ দৰ্জা, খিৰিকি আদিত বাঁহ ব্যৱহাৰ কৰিব লাগিব। জাগীৰোডৰ ছেমি কণ্ডডাক্টৰ আৰু টাউন চিপ অঞ্চলক ৰতন টাটা ইলেকট্ৰনিক চিটি হিচাপে নাম ঘোষণাত কেবিনেট অনুমোদন।