
অষ্ট্ৰেলিয়াত ভাৰতীয় জনতা পাৰ্টিৰ সহযোগী সংগঠন অভাৰচিজ ফ্ৰেণ্ডছ অফ বিজেপিৰ সহ-প্ৰতিষ্ঠাপক বালেশ ধনখৰক পাঁচগৰাকী কেৰিয়ান মহিলাক পূৰ্বপৰিকল্পিত, কৌশলপূৰ্ণ আৰু যৌন নিৰ্যাতনৰ অভিযোগত ৪০ বছৰ কাৰাদণ্ড দিয়া হৈছে। ২০১৮ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰ মাহৰ ভিতৰত সংঘটিত ৩৯টা বৰ্বৰ কাণ্ডত ডড়িত ধনখৰক চিডনীৰ আদালতে দোষী সাব্যস্ত কৰিছে। অভিযোগসমূহৰ ভিতৰত ১৩টা ধৰ্ষণ, ছয়টা মাদক দ্ৰব্য প্ৰদান কৰি যৌন নিৰ্যাতন, ১৭টা অনুমতি অবিহনে শাৰীৰিক সম্পৰ্কৰ সময়ত ভিডিঅ’ ৰেকৰ্ডিং আৰু তিনিটা অশ্লীল আচৰণৰ দৰে অপৰাধ অন্তৰ্ভুক্ত। ধনখৰে চিডনীৰ হিলটন হোটেলৰ বাৰত কেৰিয়ানৰ পৰা ইংৰাজীলৈ অনুবাদকৰ কাল্পনিক চাকৰিৰ বিজ্ঞাপনৰ জৰিয়তে মহিলাসকলক সাক্ষাৎ কৰিছিল। তেওঁ মহিলাসকলক মাদক দ্ৰব্য খুৱাই হোটেলতে যৌন নিৰ্যাতন চলাইছিল আৰু ভিডিঅ’ত ৰেকৰ্ড কৰিছিল। তেওঁৰ বাসগৃহত এই ভিডিঅ’ ৰেকৰ্ডিং উদ্ধাৰ হৈছিল৷ আৰক্ষীয়ে তেওঁৰ ঘৰত ডেট ৰেপ ড্ৰাগো পাইছিল। চিডনী জিলা ন্যায়াধীশ মাইকেল কিঙে কৈছে যে নিউ চাউথ ৱেলছত এনে ধৰণৰ অপৰাধৰ কোনো নজিৰ নাই। এই অপৰাধসমূহ পূৰ্বপৰিকল্পিত, কৌশলপূৰ্ণ আৰু চাকৰি প্ৰাৰ্থী৷ ইয়ে তেওঁৰ যৌনতাৰ আসুৰিক তৃপ্তিৰ ইচ্ছাক প্ৰতিফলিত কৰিছিল৷ যিটো প্ৰত্যেকগৰাকী ভুক্তভোগীৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠুৰ আচৰণ আছিল। ধনখৰে মহিলাসকলক মাদক দ্ৰব্য খুৱাই বা অনিচ্ছাকৃতভাৱে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কৈছে যে সন্মতিৰ ব্যাখ্যাৰ ক্ষেত্ৰত মোৰ আৰু আইনৰ মাজত পাৰ্থক্য আছে। অষ্ট্ৰেলিয়াৰ মিডিয়াই ধনখৰৰ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠতাক লৈ বাতৰি প্ৰকাশ কৰিছে। ২০১৮ চনত গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে ধনখৰ ভাৰতীয়-অষ্ট্ৰেলিয়ান সম্প্ৰদায়ৰ মাজত অতি সন্মানিত ব্যক্তি আছিল আৰু তেওঁ বিজেপি দলৰ এটা গোট অভাৰচিজ ফ্ৰেণ্ডছ অফ বিজেপি প্ৰতিষ্ঠা কৰিছিল আৰু অষ্ট্ৰেলিয়া হিন্দু কাউন্সিলৰ মুখপাত্ৰ হিচাপে কাম কৰিছিল। ২০১৪ চনত চিডনীত মোদীৰ অভ্যৰ্থনাত অভাৰচিজ ফ্ৰেণ্ডছ অফ বিজেপিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মাৰ্চ মাহত ধনখৰৰ অপৰাধৰ কথা প্ৰথমবাৰৰ বাবে জনাজাত হোৱাৰ পিছত সংগঠনটোৱে টুইট কৰিছিল যে ধনখৰে ২০১৮ চনত পদত্যাগ কৰিছিল।