আমবাৰীত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, আমাৰ মিত্ৰতা থুনুকা নহয়, মিত্ৰতা আছে আৰু থাকিবঃ দিলীপ শইকীয়া

বিজেপিৰ সহযোগী অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ হঠাতে তৎপৰ হৈছে৷ দলটোৰ সভাপতি অতুল বৰাৰ অধ্যক্ষতাত আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিষয়-ববীয়াৰ উপস্থিতিত বৰ্ধিত কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়৷ কাৰ্যনিৰ্বাহকত সাংগঠনিক দিশ, আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ পঞ্চায়ত নিৰ্বাচনক লৈ সভাপতি অতুল বৰাই সকলো প্ৰকাৰৰ নেতা-কৰ্মীক সাজু হ’বলৈ নিৰ্দেশ দিয়ে৷ লগতে নিজ নিজ বুথ সমিতি শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ সংবাদমাধ্যমৰ সন্মুখত অতুল বৰাই কয় যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২০২৫ চনক ফাইনেল হিচাপে লৈ আগবাঢ়িছে অসম গণ পৰিষদ দল৷ ২০২৫ চনত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন, কেইবাখনো স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ পিছতে ২০২৬ চনত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নিৰ্বাচন৷ যদি ২০২৫ চনত ভাল ফলাফল দেখুৱাব পাৰে তেন্তে ২০২৬ চনত আগপৰ বাবে আশাৰ বতৰা হ’ব৷ কিয়নো মাথো ৮টা বিধায়ক থকা অসম গণ পৰিষদে মিত্ৰদল বিজেপিৰ পৰা বেছি আসন দাবী কৰিব পাৰিব৷ আজি সভাপতি অতুল বৰাই কয় যে এতিয়া যিবোৰ নিৰ্বাচন আহি আহিছে সেইবোৰ ছেমিফাইনেল৷ ২০১৬ চনতহে ফাইনেল৷ আমি ২০২৫ চনত মাৰ্চ মাহত আছো৷ কেইটামান মাহ যোৱাৰ পিছতে ২০২৬ চনত পাব৷ সেই বাবে নিত্যান্তই এই বছৰটো আমাৰ বাবে গুৰুত্বপূৰ্ণ৷ আমাৰ দললৈ নতুন মানুহ আহিছে আৰু বহু মানুহ আহিব৷ নতুন প্ৰজন্মৰ যুৱক-যুৱতী, শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী অংশ লৈছে৷ এইটো আমাৰ কাৰণে আশাৰ বতৰা৷ আজি বৰ্ধিত কাৰ্যনিৰ্বাহকত মিত্ৰজোঁটৰ বিগ ব্ৰাডাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থকা দেখা যায়৷ দিলীপ শইকীয়াই কয় যে এনডিএৰ মিত্ৰতাৰ ভিতৰৰ দলসমূহৰ ভিতৰত বিজেপিৰ বাবে অগপ আটাইতকৈ বিশ্বাসযোগ্য মিত্ৰদল৷ এই মিত্ৰতা ভংগ নহয়৷ মই সংবাদমাধ্যমক মছলা দিবলৈ এই কথা কোৱা নাই৷ এই কথা এই কাৰণেই কৈছো যে আমাৰ একাত্মতাৰ ভাৱ আৰু বৃদ্ধি পায় তাৰ বাবেহে কৈছো৷ এই মিত্ৰতা আমি কেৱল নেতাৰ মাজতে সীমাৱদ্ধতা নাৰাখি, তৃণমূল পৰ্যায়ৰ নেতাৰ তাৰ বাবে কালেক্টিভ চিন্তা কৰিব লাগিব৷ বিজেপিৰ মিত্ৰতা থুনুকা মিত্ৰতা নহয়৷ কোনোবাই যদি ভাবিছে থুনুকা মিত্ৰতা, এনেকৈ কৈ নেৰিটিভ সৃষ্টি কৰিব সেই পলিটিকেল নেৰেটিভে অগপ আৰু বিজেপিক চুব নোৱাৰে৷ মিত্ৰতা আছিল আৰু থাকিব৷ দিলীপ শইকীয়া আমবাৰীৰ কাৰ্যালয়ত থকাৰ সময়তে সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কমলপুৰৰ প্ৰাক্তন বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা সত্যব্ৰত কলিতাই কমলপুৰ সমষ্টিত নিৰ্বাচন খেলিম বুলি স্পষ্ট কৰে৷ বিজেপিৰ দখলত থকা কমলপুৰ সমষ্টিত পূৰ্বৰে পৰা নিৰ্বাচন খেলিবলৈ সাজু বুলি হুংকাৰ দি আহিছে সত্যব্ৰত কলিতাই৷ তাৰ মাজতে আজি বৰ্ধিত কাৰ্যনিৰ্বাহকৰ মাজতে সত্যব্ৰত কলিতাই কয় যে মই কেৱল আমাৰ দলৰ সভাপতিৰ হুছেইলটোৰ বাবে ৰৈ আছো৷ মই কেতিয়াবাৰ পৰা সাজু হৈ আছো৷ কেৱল সভাপতিৰ হুছেইলৰ বাবে অপেক্ষাৰত৷

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে