হিমন্ত চৰকাৰৰ সৈতে বিৰদ্ধে অনশন কৰি বিপদ, অনশনৰত ৬৪ প্ৰৱক্তাক চাকৰিৰ পৰা অব্যাহতি

গুৱাহাটী, ১১ মাৰ্চ: অসম চৰকাৰে ২৩ দিন ধৰি চচলত অনশন কৰি থকা ৬৪ গৰাকী পলিটেকনিক প্ৰৱক্তাক চাকৰিৰ পৰা অব্যাহতি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী হৈ থকা সময়ত ২০১৭ চনত নিযুক্তি পোৱা এই ফাউণ্ডাৰ ফেকাল্টীসকলে চাকৰি স্থায়ীকৰণৰ দাবীত বাজেট অধিৱেশনৰ দিনৰে পৰা শান্তিপূৰ্ণভাবে প্ৰতিবাদ কৰি আহিছিল। কিন্তু ১০ মাৰ্চৰ নিশা পলিটেকনিকৰ অধ্যক্ষসকলৰ জৰিয়তে তেওঁলোকক অব্যাহতিৰ আদেশ প্ৰেৰণ কৰা হয়।

প্ৰতিবাদৰ পটভূমি:

২০১৭ চনত পলিটেকনিক প্ৰতিষ্ঠানসমূহ স্থাপন হোৱাৰ পৰাই অস্থায়ী ভিত্তিত নিযুক্তি লাভ কৰা এই প্ৰৱক্তাসকলে দাবী কৰে যে চৰকাৰে তেওঁলোকক স্থায়ী কৰাৰ প্ৰতিশ্ৰুতি দি ভুল তথ্যৰ ভিত্তিত অনুমোদন লৈছিল। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (AICTE) ৰ নিয়মমতে স্থায়ী কৰ্মচাৰীৰ প্ৰয়োজন, কিন্তু চৰকাৰে অস্থায়ী নিয়োগেৰে প্ৰতিষ্ঠান চলাইছিল বুলি অভিযোগ। ৮ বছৰ ধৰি অনিয়মীয়া দৰমহা আৰু অসুবিধাৰ মাজত কাম কৰি অহা প্ৰৱক্তাসকলে গত ২৩ দিন ধৰি চচলত অনশনৰ দ্বাৰা চৰকাৰক চাপ প্রয়োগ কৰিছিল।

প্ৰতিক্ৰিয়া:

অল আসাম পলিটেকনিক ফাউণ্ডাৰ ফেকাল্টী এছ’চিয়েচনৰ সভাপতি ৰাজীৱ কলিতাই কয়, “আমাক ঠিকাভিত্তিত নিযুক্তি দি AICTE-ক ভুল তথ্য দিয়া হৈছিল। আজি আমাৰ বয়সো পাৰ হৈ গ’ল, নতুনকৈ চাকৰিৰ বাবে পৰীক্ষা দিয়াৰ সুযোগ নাই। চৰকাৰে সমস্যা সমাধানৰ পৰিৱৰ্তে আমাক শাস্তি দিলে।” প্ৰতিবাদকাৰীসকলৰ মতে, তেওঁলোকৰ মাজত উচ্চ নম্বৰৰ পোৱা ছাত্ৰ আছে। এমএছচি ডিগ্ৰীধাৰীসহ যোগ্যতা সম্পন্ন ব্যক্তিও  আছে।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে