
আজি আজি অসম প্ৰদেশ কংগ্ৰেছে ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৩৩টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে৷ ৩টা সমষ্টিত এতিয়াও প্ৰাৰ্থী ঘোষণা কৰা নাই৷ তিনিটা সমষ্টি অসম জাতীয় পৰিষদক এৰি দিব পাৰে কংগ্ৰেছে৷ ধুপধাৰা পৰিষদীয় সমষ্টিত মীনা ৰাভা পাটগিৰী, কঠাকঠি পৰিষদীয় সমষ্টিত ৰবিন্দ্ৰ চন্দ্ৰ ৰাভা, ধনুভংগা পৰিষদীয় সমষ্টিত পাৰ্থ প্ৰতিম কছাৰী, ৰংজুলি পৰিষদীয় সমষ্টিত সুভানী ৰাভা, শুচধুৱো দৰংগিৰি পৰিষদীয় সমষ্টিত পৰম ৰাভা, নৰ্থ দুধনৈ পৰিষদীয় সমষ্টিত শান্তি বসুমতাৰী, চাউথ দুধনৈ পৰিষদীয় সমষ্টিত সঞ্জীৱ ৰাভা, বান্দৰশী পৰিষদীয় সমষ্টিত ৰেকষ্টাৰ বি. চাংমা, শালপাৰা পৰিষদীয় সমষ্টিত অমৰ ৰাভা, হাবৰঘাট পৰিষদীয় সমষ্টিত ৰাখী চাংমাকে ধৰি ৩৩গৰাকী কংগ্ৰেছৰ নেতাক টিকট প্ৰদান কৰা হৈছে৷ তালিকাত কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ নাম দেখা গৈছে৷ কংগ্ৰেছেৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনী সমিতিৰ অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাই পৰিষদীয় নিৰ্বাচনত ভাল ফলাফল হ’ব বুলি দাবী কৰিছে৷ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে কালি ৰাজীৱ ভৱনত সভাপতি ভূপেন বৰাৰ সভাপতিত্বত নিৰ্বাচনী পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত কৰিছিল৷ গোৱালপাৰা আৰু কামৰূপ গ্ৰাম্য জিলাৰ সভাপতি, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলক লৈ বৈঠক অনুষ্ঠিত কৰি ৩৩টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত কৰিছিল৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ৩৬টা পৰিষদীয় সমষ্টিত ২ এপ্ৰিলত ভোটগ্ৰহণ আৰু ৪ এপ্ৰিলত ভোট গণনা কৰা হ’ব।