
গুৱাহাটী আৰক্ষীয়ে ৰাইডাৰ ননীৰ বাইক চুৰিৰ ঘটনাত মুখ্য অভিযুক্ত আশ্ৰফ আলী আৰু তেওঁৰ পিতৃ জাকিৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গোৱালপাৰা জিলাৰ আগিয়াত বিশেষ অভিযান চলাই মুখ্য চোৰ আশ্ৰফ আলী আৰু তেওঁৰ পিতৃ জাকিৰ আলীক আটক কৰে। আৰক্ষীয়ে জাকিৰ আলীও চোৰাং কাৰ্য্যত জড়িত বুলি সন্দেহ কৰিছে। ৫ মাৰ্চৰ নিশা গুৱাহাটীৰ সৰুসজাইৰ কালি মন্দিৰ পথৰ মনিকাঞ্চন উপ-পথস্থিত মেডি গেষ্ট হাউচত ৰাইডাৰ ননীৰ বাইক চুৰি হৈছিল। চিঅিঅৰ্টিভি ফুটেজত ৰাতি ২ বাজি ৪০ মিনিটত চাৰিজনীয়া দলটোৱে বাইকখন লৈ যোৱা দেখা গৈছিল। উত্তৰাখণ্ডৰ বাসিন্দা ননীয়ে মহিলা সৱলীকৰণৰ বাবে দেশজুৰি ৬ মাহীয়া ভ্ৰমণৰ অংশ হিচাপে গুৱাহাটীলৈ আহিছিল আৰু ৪ মাৰ্চত তেওঁৰ পোহনীয়া মেকুৰী হুকুমৰ সৈতে ইয়াত উপস্থিত হৈছিল। বাইক চুৰিৰ খবৰ পাই তেওঁ ফেচবুক পৃষ্ঠা ‘ৰাইডাৰ ননী’ৰ জৰিয়তে গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু বশিষ্ঠ আৰক্ষী থানাত গোচৰ দাখিল কৰে। ১০ মাৰ্চত ইউপি-১৩-বিডব্লিউ-৭৩৭৫ নম্বৰৰ বাইকখন ফকিৰগঞ্জৰ প্ৰেম বজাৰৰ পৰা উদ্ধাৰ কৰা হয়। এই সূত্ৰত বাসানীপাৰা আৰু বালাটাৰী গাঁৱৰ ২৩ বছৰীয়া আশ্ৰাফুল দেৱান আৰু ৩২ বছৰীয়া ফিৰোজ কাজীক গ্ৰেপ্তাৰ কৰা হৈছিল। পূব মণ্ডলৰ অতিৰিক্ত সহকাৰী আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মা আৰু বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান সফলভাৱে সম্পন্ন কৰে।