
গুৱাহাটী মহানগৰীত এজন পাগল প্ৰমিকে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে৷ নিশা প্ৰকাণ্ড তৰোৱাল লৈ প্ৰেমিকাক নিবলৈ আহি সন্ত্ৰাসৰ সৃষ্টি কৰে পাগল প্ৰেমিকজনে৷ ঘটনা সংঘটিত হৈছে ছয়মাইলৰ প্ৰিন্স ৰেচিডেন্সিত৷ তৰোৱাল লৈ অহা প্ৰেমিকজনে হৈছে দেৱজিৎ কুটুম৷ নিশা দেৱজিৎ কুটুম তৰোৱাল হাতত লৈ প্ৰিন্স ৰেচিডেন্সিত প্ৰৱেশ কৰে৷ তাৰ পিছতে হুৱা-দুৱা লাগে৷ একাংশ প্ৰতিৱেশীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে দেৱজিৎ কুটুমক গ্ৰেপ্তাৰ কৰিছে৷ জানিব পৰা মতে, মহানগৰীৰ ছয়মাইলস্থিত ডঞি পল ল’জৰ স্বতাধিকাৰী দেৱজিত কুটুম। দেৱজিৎ কুটুমৰ প্ৰেমিকাই প্ৰিন্স ৰেচিডেন্সিত ভাড়াত থাকে৷ কালি নিশা হঠাতে হাতত এখন তৰোৱাল লোৱা অৱস্থাত দেৱজিতক মুখ্য গেটেৰে ভিতৰলৈ সোমাই অহা প্ৰত্যক্ষ কৰে৷ তাৰ পিছতে ছিৰিৰে অট্টালিকাৰ ওপলৈ উঠি আহে৷ প্ৰেমিকাৰ কোঠাৰ সন্মুখত থিয় হৈ বাহিৰলৈ ওলাই আহিবলৈ কয়৷ মাজনিশা এনেদৰে প্ৰেয়সীৰ ভাড়াঘৰৰ কোঠাত সোমাই অহাত হাহাকাৰ লাগে। প্ৰতিৱেশীসকলে ওলাই আহি বুজনি দিয়াত আতৰি যায় দেৱজিৎ৷ কিন্তু পুৱা বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভাড়াঘৰৰ মালিকে৷ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেৱজিতক জানিব পৰা অনুসৰি প্ৰিন্স ৰেছিডেন্সী নামৰ এপাৰ্টমেণ্টটোত ভাড়াতীয়া হিচাপে থকা এগৰাকী যুৱতীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক দেৱজিতৰ। শেহতীয়াকৈ যুৱতীগৰাকীয়ে দেৱজিতৰ সৈতে প্ৰেম বিচ্ছেদ কৰিছিল। সেই খঙতে দেৱজিৎ কুটুমে প্ৰেমিকাক ভয় খুৱাবলৈ মাজনিশা হাতত তৰোৱাল লৈ ওলাই আহিছিল।