দ্বিতীয়টো গোচৰত জামিনৰ পূৰ্বে পুনৰ গ্ৰেপ্তাৰ মহবুবুল হকক

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় মেঘালয় চমুকৈ ইউএছটিএম উপাচাৰ্য মহবুবুল হক মুকলি আকাশৰ তললৈ অহাৰ পূৰ্বে ষষ্ঠটো গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰিছে ঢেকীয়াজুলি আৰক্ষীয়ে৷ উচ্চ ন্যায়ালয়ে প্ৰথমটো গোচৰত জামিন দি দ্বিতীয়টো গোচৰত জামিনৰ ৰায় সংৰক্ষণ কৰি তৃতীয়, চুতুৰ্থ আপু পঞ্চমটো গোচৰত গ্ৰেপ্তাৰত স্থগিতাদেশ দিছিল যদিও ঢেকীয়াজুলি আৰক্ষীয়ে আজি ষষ্ঠটো গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে হকক। শ্ৰীভূমি জিলা কাৰাগাৰত বন্দী হৈ থকা হকক কাৰাগাৰৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি শ্ৰীভূমিৰ পৰা ঢেকীয়াজুলিলৈ নিয়া হয়৷ মহবুবুল হকৰ বিৰুদ্ধে দুটা গোচৰ শ্ৰীভূমিত, এটা গোচৰ বৰপেটাত, এটা গোচৰ কোকৰাঝাৰক, এটা গোচৰ গোসাঁইগাঁৱত আন এটা ১১ মাৰ্চত ঢেকিয়াজুলি আৰক্ষী থানাত ৰুজু কৰা হৈছে৷ মুকচেদ আলম নামৰ লোকজনে ঢেকীয়াজুলি আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে৷ মুকচে আলমৰ গোচৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হয়৷ জানিব পৰা মতে, মহবুবুলক কাইলৈ তেজপুৰৰ আদালতত হাজিৰ কৰোৱা হ’ব৷ মুকচেদ আলমৰ পুত্ৰও ইউএছটিএমৰ ছাত্ৰ আৰু পাথাৰকান্দি পাব্লিক স্কুলত পৰীক্ষা দিবলৈ গৈছিল৷ কিন্তু এটা নিউজ চেনেলত মন্তব্য দি মুকচেদ আলমে গোচৰ দিয়াৰ কথা অস্বীকাৰ কৰিছে৷ মুকচেদ আলমে কয় যে মই খেতিপথাৰত কাম কৰি থকাৰ সময়তে স্থানীয় চকীৰ আৰক্ষীৰ দল আহি মোক কথা থকা বুলি কৈ আৰক্ষী থানালৈ মাতি নিয়ে৷ তাত মোৰ ল’ৰাৰ কথা সোধে৷ মই ২ৰ পৰা ৩ লাখ টকা দিয়া বুলি অভিযোগ আনে৷ কিন্তু মই টকা নাই বুলি কও৷ কিন্তু মোক বহু সময় থানাত বহুৱাই থৈ বাৰে বাৰে মোৰ ল’ৰাৰ বাবে টকা দিয়া বুলি কয় যদিও মই অস্বীকাৰ কৰো৷ কিন্তু তেওঁলোকে কয় যে মই টকা দিছো৷ যদি গোচৰ দিও সেই টকা উলিয়াই দিম বুলি কয়৷ মই অস্বীকাৰ কৰা যদিও মোৰ পৰা এটা চহী লয়৷ পিছত গম পাও যে মোৰ চহীৰে গোচৰ ৰুজু কৰা হৈছে৷ মুকচেদ আলমে বাৰে বাৰে গোচৰ দিয়াৰ কথা অস্বীকাৰ কৰে৷ সেই গোচৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে মহবুবুল হকক৷ শ্ৰীভূমিত ৰুজু দুটা গোচৰৰ ভিতৰৰ এটা গোচৰত জামিন দিয়া হৈছিল৷ দ্বিতীয়টো গোচৰত জামিনক লৈ ১১ মাৰ্চত শুনানি সমাপ্ত হৈছে যদিও ৰায় নিদি সংৰক্ষণ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ জামিনৰ ৰায় ঘোষণাৰ পূৰ্বেই ষষ্ঠটো গোচৰত ৰুজু কৰা হয়৷ হকৰ বিৰুদ্ধে ৰুজু তিনিটা গোচৰত গ্ৰেপ্তাৰ নকৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল৷ হকৰ বিৰুদ্ধে পঞ্চমটো গোচৰ গোসাঁইগাঁও আৰক্ষী থানাত ৰুজু হৈছিল। উত্তীৰ্ণ কৰাই দিম বুলি এগৰাকী শিক্ষাৰ্থীক পৰীক্ষাত বহুৱাৰ অভিযোগ তুলি শিক্ষাৰ্থীগৰাকীৰ অভিভাৱকে এজাহাৰ দাখিল কৰিছিল। গোসাইগাঁও আৰক্ষী থানাত ৰুজু তৃতীয় গোচৰৰ সন্দৰ্ভত মহবুবুল হকক গ্ৰেপ্তাৰ কৰাত বাধা দি নিৰ্দেশ জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে। পাথাৰকান্দি কেন্দ্ৰত পৰীক্ষা দিয়া ক্ৰিপাঞ্জলি বসুমতাৰী নামৰ এগৰাকী ছাত্ৰীৰ মাতৃ লিলাৱতী বসুমতাৰীয়ে গোসাঁইগাঁও আৰক্ষী থানাত গোচৰ ৰুজু কৰি গোসাইগাঁৱৰ পৰিৱৰ্তে প্ৰায় ৪০০ কিলোমিটাৰ দূৰৰ পাথাৰকান্দিত ক্ৰিপাঞ্জলিক পৰীক্ষা দিবলৈ নিয়াৰ অভিযোগ আনে৷ ছাত্ৰীগৰাকীৰ পৰিয়ালে ইউএছটিএম কৰ্তৃপক্ষই পৰীক্ষাৰ নম্বৰ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে