
গুৱাহাটীৰ প্ৰায় ১০০ খন গ্ৰীণ বাছৰ চলাচল আজিৰ পৰা বন্ধ হৈ পৰিছে। বাছচালক আৰু কণ্ডাক্টৰসকলে আজি ৰূপনগৰস্থিত পৰিবহন বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ কৰি বাছসেৱা বন্ধ কৰাৰ সিদ্ধান্ত লয়৷ মাল্টিটেক কোম্পানীয়ে নিৰ্ধাৰণ কৰা অত্যধিক দৈনিক মাচুলৰ বিৰুদ্ধে বাছচালক আৰু কণ্ডাক্টৰসকলে প্ৰতিবাদ সাব্যস্ত কৰি বাছসমূহ চলাবলৈ মান্তি নহৈ বাছসমূহ থিয় কৰাই ৰাখে৷ প্ৰতিবাদকাৰী বাছচালক আৰু কণ্ডাক্টৰসকলে অভিযোগ কৰি কয় যে কোম্পানীয়ে প্ৰতিখন বাছৰ পৰা দৈনিক ৭৫০০ টকাকৈ আদায় দিবলৈ চৰ্ত দিছে। ইয়াৰ উপৰিও দিনটো ৭৫০০ টকা আদায় নিদিলে দৰমহাৰ পৰা বাকী টকা কাটি লোৱা হয় বুলি চৰ্ত বান্ধি দিছে৷ এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে গুৱাহাটীৰ ১০০ খন বাছে ৰাস্তাত নানামে বুলি সতৰ্ক কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰূপনগৰস্থিত পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সমুখত দৈনিক মাচুল হ্ৰাস কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে যদিও পৰিবহন বিভাগৰ কৰ্তৃপক্ষই আলোচনাত বহা নাই বুলি জানিব পৰা গৈছে৷