
আজি সংবাদমেল পাতি সাংসদ ৰকিবুল হুছেইনে মন্ত্ৰী পীয়ুষ হাজৰিকাক উভতি ধৰে৷ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ টুইটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ ৰকিবুল হুছেইনে তেওঁক আক্ৰমণ কৰা ২২ আক্ৰমণকাৰী বিজেপিৰ বুলি পুনৰ দাবী কৰিছে৷ কিছুদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে ৰকিবুল হুছেইনৰ আক্ৰমণ কাণ্ডত বিজেপি জড়িত নহয় আৰু আক্ৰমণকাৰীকসকলক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছিল৷ তাৰ পিছতে আজি হুছেইনে সংবাদমেল সম্বোধন কৰি ৰূপহী নতুন বজাৰত সাংসদগৰাকীক আক্ৰমন কৰা লোককেইজন বিজেপিৰ কৰ্মী বুলি দাবী কৰে৷ সাংসদগৰাকীয়ে নগাঁও সদৰ থানাত ২২ জন অভিযুক্তৰ নাম এজাহাৰত দাখিল কৰিছিল৷ যদিও চৰকাৰে বাচি বাচি ১০ জনৰ নামহে প্ৰকাশ কৰে বুলি অভিযোগ ৰকিবুল হুছেইনে।লগতে চৰকাৰে যিকেইজন অভিযোগকাৰীৰ নাম প্ৰকাশ কৰিছে সেই কেইজন গেংৰেপ সৈতেও জড়িত আছিল। চৰকাৰে ঘোষণা কৰা ১০জনৰ ভিতৰত মাত্ৰ ২ জনকহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলিও কয় হুছেইনে৷