অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কংগ্ৰেছৰ, গামোচাক কৰা অপমান সহ্য কৰা নহ’ব, ক্ষমা খোজক

অসমীয়াই মূৰত লোৱা, থাপনা পাতি মূৰ দোঁৱা স্বাভিমানৰ প্ৰতীক গামোচাক কোনোবাই অপমান কৰিব সেয়া কংগ্ৰেছে সহ্য নকৰে৷ গামোচক লৈ কৰা অপমানৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত এক বিশাল প্ৰতিবাদৰ কাৰ্যসূচী পালন কৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰে৷ গামোচাৰ প্ৰতি কৰা এই অপমানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে৷ আজি দিনৰ ১২ বজাত গুৱাহাটীৰ লাষ্টগেটৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে মিলিত হৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰে বাৰে অসমবাসীক প্ৰতাৰণা আৰু অপমানিত কৰাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ মুৰ্দাবাদ ধ্বনি দিয়ে৷ প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীসকলে অসমীয়া গামোচাক লৈ কেৱল বিজেপিয়ে ৰাজনীতি কৰে বুলি উল্লেখ কৰি বিজেপিৰ নেতাসকল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিলাজ আখ্যা দিয়ে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিপুল গগৈৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে বিজেপি হায়ঃ হায়ঃ ধ্বনি দিয়ে৷ সাংবাদিকেৰে হোৱা বাৰ্তালাপত বিপুল গগৈয়ে কয় যে অসমীয়াৰ আদৰৰ গামোচাখন মুখ্যমন্ত্ৰীয়ে ডিঙিত পিন্ধাবলৈ যোৱা স্বত্বেও কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে গামোচাখন প্ৰত্যাখ্যান কৰা কথাটো অসমবাসীৰ প্ৰতি এক অপমান বুলি উল্লেখ কৰে৷ গগৈয়ে কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অজানিতে মিচিং জনগোষ্ঠীৰ সন্মানীয় বস্ত্ৰ ‘ৰিবি গাচেং’ৰ ওপৰত আসন গ্ৰহণ কৰাৰ ঘটনাৰ বিতৰ্ক কৰি বিজেপিৰ বিধায়কে সংবাদমেল দিছিল আৰু সভাপতি ভূপেন বৰাই ইয়াৰ বাবে ক্ষমা খুজিবলগীয়া হৈছিল৷ এতিয়া বিজেপিৰ নেতাই অসমৰ গামোচাক প্ৰত্যাখ্যান কৰাৰ বাবে আমি ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছো৷ অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি নৃপেন ঠাকুৰীয়া, বালিকা লাহন পেগু, গুণকান্ত গগৈ, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, অৰুণ টিৱাৰী, জ্যেষ্ঠ নেতা কুশল শৰ্মা, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা প্ৰমুখ্যে নেতা-কৰ্মীসকলে প্ৰায় এঘণ্টা জুৰি আজি ধৰ্ণা কাৰ্যসূচী পালন কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসম প্ৰদেশৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে বিজেপিৰ নেতাসকলে ভোট বিচাৰি ৰাইজৰ আগত আৱেগিক হৈ গামোচা পৰিধান কৰে৷ প্ৰধানমন্ত্ৰীয়েও সময়ে সময়ে গাচোমাখন কান্ধত লয়৷ অসমৰ স্বাভিমানৰ প্ৰতীক গামোচাক লৈ ৰাজনীতি নকৰিবলৈ বৰাই সকীয়াই দিয়ে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গামোচাৰ প্ৰতি কৰা অনাদৰৰ বাবে অসমৰ ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগে বুলি উল্লেখ কৰে৷

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে