
ৰাজ্যৰ ৰাজনীতিত আলোচনা-সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাইৰেল হোৱা এটা কল ৰেকৰ্ডিং। এই ৰেকৰ্ডিংত নিজকে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ এজন ব্যক্তিৰ নামৰ অন্য এজন ব্যক্তিৰ মাজৰ কথোপকথনে চিণ্ডিকেটৰ টকা আদি-প্ৰদানৰ গুৰুতৰ অভিযোগৰ ইংগিত দিছে।
কথোপকথনৰ মাজত ‘মনোৰঞ্জন তালুকদাৰ’ই কয়, “মোৰ ইলেকচন নহয়, মই এছেম্বলীৰ টাইমত আপোনালোকক জুলুম কৰা নাই। এতিয়াওতো এমএলএ মই, তথাপিও একো জুলুম কৰা নাই।” উত্তৰত হৰ্ষই লগ কৰাৰ প্ৰস্তাৱ দিয়াত তালুকদাৰে কয়, “লগ কৰিম মানে মোক এটা হেভী এমাউণ্ট লাগিব… হৰেণ মহন্তক ক’ব দিয়ক তালুকদাৰে বিচাৰিছে বুলি। ২-৪ দিনতকৈ বেছি নহয়, এমাউণ্টটো হেভী লাগিব।”
গুৰুত্বপূৰ্ণ যে, বিধানসভা নিৰ্বাচনৰ সময়ত চুপাৰি চিণ্ডিকেটৰ অভিযোগ উত্থাপন কৰি তালুকদাৰে হৰেণ মহন্তৰ নাম উল্লেখ কৰিছিল। পৰৱৰ্তী সময়ত এই ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছত পূৰ্বৰ মন্তব্যৰ সৈতে ইয়াৰ সম্পৰ্কৰ প্রশ্ন উঠিছে। ৰেকৰ্ডিংটোৰ কণ্ঠস্বৰ তালুকদাৰৰ নে তাৰ সত্যতা স্পষ্ট হোৱা নাই।
ৰাজনৈতিক মহলৰ একাংশে এই ঘটনাক চিণ্ডিকেটৰ জালৰ গুৰুত্বপূৰ্ণ প্রমাণ বুলি গণ্য কৰিছে, আনহাতে অন্য পক্ষই ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। ৰাজ্যিক নির্বাচনী আয়োগ আৰু প্ৰশাসনই বিষয়টোৰ তদন্ত কৰাটো প্ৰয়োজন বুলি জনসাধাৰণে মন্তব্য কৰিছে।
মনোৰঞ্জন তালুকদাৰ আৰু হৰেণ মহন্তৰ পক্ষৰ পৰা এতিয়ালৈকে আনুষ্ঠানিক কোনো প্রতিক্রিয়া পোৱা নাই। ঘটনাক্ৰমে, এই ৰেকৰ্ডিংয়ে ৰাজনীতিত নতুনকৈ উত্তাপ সৃষ্টি কৰাৰ লগতে চিণ্ডিকেট বিৰোধী আলোচনাক পুনৰ জীয়াই তুলিছে।