তৃতীয় দিনটোত ধেমাজিক লৈ আলোচনা উজনি ভ্ৰমণৰত মুখ্যমন্ত্ৰীৰ

উজনি ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও কাৰ্যসূচীত অংশ লয়৷ ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত উজনিৰ জিলাসমুহৰ উচ্চপদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে৷ বিষয়াসকলৰ সৈতে ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্ৰকল্প, আঁচনি তথা অন্যান্য উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ বৈঠকত কেবিনেটেৰ দ্বাৰা ধেমাজিৰ বাবে ঘোষিত আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ সম্পৰ্কত বুজ লয় মুখ্যমন্ত্ৰীয়ে৷ জীয়াধল, মৰিধল, গাই নৈ সুঁতিয়ে সৃষ্টি কৰা বান, ধেমাজি চহৰত সন্মিলন কেন্দ্ৰ নিৰ্মাণ, নলা-নৰ্দমা নিৰ্মাণ, শিশু উদ্যানৰ উন্নীতকৰণ, ধেমাজি আৰু গোগামুখ চক্ৰত সীমা সমস্যা আদি বিষয়ত আলোচনা কৰে৷ লোক নিৰ্মাণ জলসম্পদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, শক্তি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনস্বাস্থ্য, শিক্ষা, কৃষি, উদ্যোগ আৰু বাণিজ্য, বিত্ত, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ অধীনত চলি থকা আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়৷ জোনাইৰ পৰা মাজুলীলৈ পথযুক্ত মথাউৰিৰ উন্নীতকৰণ, অসম মালাৰ অধীনৰ বিভিন্ন পথ, মুখ্যমন্ত্ৰী উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ৰূপায়িত প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত বিষায়সকলৰ তথ্য আহৰণ কৰে৷ ধেমাজিত নিৰ্মাণৰত চিকিৎসা মহাবিদ্যালয়, সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু সংহত ক্ৰীড়া প্ৰকল্পৰ কাম দ্ৰতগতিত ৰূপায়ণ কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ লেপেটকটাস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড প’লিমাৰ লিমিটেড প্ৰকল্পটো পৰিদৰ্শন কৰে৷ কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষ, পণ্যাগাৰ, উৎপাদনস্থলী আদি হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে৷ শীৰ্ষ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠক কৰি প্ৰতিষ্ঠানটোৰ শেহতীয়া কাম-কাজ, ভৱিষ্যতৰ পৰিকল্পনা, উৎপাদিত সামগ্ৰীৰ বিবিধতা বৃদ্ধি, প্ৰতিষ্ঠানটোৰ সমস্যাৰ বিষয় বিস্তৃতভাৱে আলোচনা কৰে৷ আগন্তুক সময়ত বিচিপিএল-এ যাতে অধিক সবলভাৱে উদ্ভাসিত হ’ব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে কথা দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাইজৰ বহুদিনীয়া বিপুল দাবীক মান্যতা দি এই বৃহৎ প্ৰকল্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৬ চনত উৎসৰ্গা কৰিছিল। এই প্ৰকল্পটো ১০৭ শতাংশ দক্ষতাৰে কাম কৰি আছে৷ বিশ্বমানৰ দক্ষ কৰ্মশক্তিৰে সমৃদ্ধ আৰু অসমত ‘ইজ অৱ ডুইং বিজনেছ’ৰ ক্ষেত্ৰত এই প্ৰকল্প এক উজ্জ্বল নিদৰ্শন।

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…