
জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকাই কালিৰ দিনটোত ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত খহনীয়া প্ৰতিৰোধৰ কাম পৰিদৰ্শন কৰে। ইয়াৰ মাজতে আজি লাহোৱালৰ নগাঘুলিত জিঅ’ বেগৰ কাম চলি থকাৰ মাজতে ভয়ংকৰ অঘটন সংঘটিত হয়। জিঅ’ বেগৰ কাম কৰি থকা সময়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত তিনিজন গুৰুতৰভাৱে আহত হয়। তিনিজনক অসম চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰিছিল যদিও এজনৰ চিকিৎসালয়ত মৃত্যু হয়। মৃত্যু হোৱা শ্ৰমিকজন ৰহমৰীয়াৰ বুঢ়াপাৰৰ বুবু বৰুৱা বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।