তিৱা সাহিত্য সভাত মুখ্যমন্ত্ৰী, জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ এই বছৰতে মুকলিৰ ঘোষণা

আজি মৰিগাঁৱৰ ঔজাৰিত জেমন চন্দ্র বৰদলৈ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ আজি অন্তিম দিনটোৰ কাৰ্যসূচী মুকলি সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ তিৱা মাথনলাই তখ্ৰাৰ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত ত্ৰয়োদশ সংখ্যক অধিৱেশনৰ মুখ্য অতিথি হিচাপে উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ তিৱা জনগোষ্ঠীৰ বৰত মিচাৱা নৃত্য প্ৰদৰ্শন কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে নৃত্য উপভোগ কৰি আপ্লুত হোৱা পৰিলক্ষিত হয়৷ মুখ্যমন্ত্ৰীয়ে মুকলি সভাত তিৱা সাহিত্য সভাৰ প্ৰশংসা কৰি কয় যে তিৱাসকলৰ সমৃদ্ধ লোকজীৱন আৰু লোককৃষ্টিৰ আধাৰতে গঢ় লৈ উঠিছে তিৱা সাহিত্য। তিৱা সাহিত্য সভাৰ চিন্তা-চেতনাই ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখন উৰ্বৰ কৰিছে। তিৱা জাতিক স্বকীয় পৰিচয়ৰে উদ্ভাষিত কৰি অহা তিৱা ভাষা-কৃষ্টি সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত অসম চৰকাৰৰ অবিৰত প্রচেষ্টা কৰা বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰৰ দ্বাৰা অন্যান্য জনজাতীয় ভাষাসমূহৰ লগতে তিৱা ভাষাকো শিক্ষাৰ মাধ্যম হিচাপে প্রাথমিক পর্যায়ত প্ৰৱৰ্তনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে৷ ইতিমধ্যে তিৱা মাথনলাই তখ্ৰাৰ তৰফৰ পৰা ৰাজ্যিক শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত পাঠ্যপুথি প্ৰণয়নৰ কৰ্মসূচী সম্পন্ন কৰিছে৷ তিৱা মাথনলাই তখ্ৰাই তিৱা জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণয়নৰ বাবে আগবাঢ়ি আহিলে ৰাজ্য চৰকাৰে প্ৰকাশৰ ব্যয় বহন কৰিব বুলিও প্ৰস্তাৱ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ চাৰণ বিলৰ পাৰত প্ৰস্তাৱিত কলাক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহযোগিতা আৰু জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ এই বছৰতে ৰাইজৰ বাবে মুকলিৰ ঘোষণা কৰে৷ তিৱাসকলৰ বাবে চাৰণবিলৰ পাৰত তিনিবিঘা ভূমিত তিৱা সাংস্কৃতিক প্ৰকল্পৰ বাবে অনুমোদন জনায়। মুকলি সভাত মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱন চন্দ্র কোঁৱৰ, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰৱন মান্তা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ