
ওৰে জীৱন সমাজৰ হকে কাম কৰা ৰাজ্যৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ ড০ দয়ানন্দ শ্বাহক প্ৰদান কৰা হৈছে ‘সুৰ্দশন বঁটা’৷ গুৱাহাটীৰ ৰুক্মীগাঁও প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ কেবাগৰাকী বিশিষ্ট নাগৰিকৰ সন্মুখত এই বঁটা গ্ৰহণ কৰিছে ড০ শ্বাহে৷ নিউজ অসম লাইভ নামৰ এটা সংবাদ সংস্থাই এই বঁটা প্ৰদান কৰিছে শ্বাহক৷ শিক্ষাক্ষেত্ৰ আৰু সমাজসেৱা খণ্ডত কৰা কামৰ বাবে এই সন্মান প্ৰদান কাৰ হয়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড০ শ্বাহে এই সন্মান গ্ৰহণ কৰি এই সন্মানে মোক সাহস আৰু প্ৰেৰণা দিছে বুলি কয়৷ কিয়নো এটা সংবাদ সংস্থাৰ পৰা মই এই বঁটা গ্ৰহণ কৰিছো৷ সংবাদ সংস্থা বা সাংবাদিক সমাজ সমাজৰ আইনা স্বৰূপ৷ সংবাদ গোষ্ঠীয়ে যিহেতু এই বঁটা দিলে তাৰ বাবে মোৰ সমাজৰ প্ৰতি দায়িত্ব বৃদ্ধি পালে৷ এতিয়াৰ পৰা মোৰ দায়িত্ব বাঢ়িল আৰু এই বঁটাই সমাজৰ বাবে দুগুন উৎসাহেৰে কাম কৰিবলৈ সাহস দিছে৷ বিশিষ্ট সমাজকৰ্মী তথা এছকেএছ ইংলিছ একাডেমিৰ মুখ্য পৰিচালন সঞ্চালক ড০ দয়ানন্দ শ্বাহ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ সন্তান৷ প্ৰয়াত শিৱকান্ত শ্বাহ আৰু প্ৰয়াত লক্ষীদেৱী শ্বাহৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহে শিক্ষাৰ ক্ষেত্ৰৰ লগতে চাহ জনগোষ্ঠীৰ হকে দীৰ্ঘ সময় ধৰি কাম কৰি আহিছে৷