ৰাভা হাছঙৰ ৰাভা যৌথ মঞ্চৰ কাৰ্যালয় লণ্ড-ভণ্ড

ৰাভা হাছঙৰ বিভিন্ন পৰিষদীয় সমষ্টি এলেকা ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে৷ ঠিক এনে এক পৰিস্থিতিৰ মাজতে যোৱানিশা বকো আৰক্ষী থানা এলেকাধীন পৰিষদীয় সমষ্টি এটাৰ নিৰ্বাচনী কাৰ্যালয়ৰ লগতে বহুকেইটা পৰিয়ালৰ বাসগৃহত অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাভা হাছং এলেকাত এতিয়া বিৰাজ কৰিছে এক চেপা উত্তেজনাই৷ প্ৰাপ্ত বাতৰি মতে ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ এলেকাধীন জয়পুৰৰ বনগাঁও বুঢ়ীগাঁৱৰ চৰাব ৰাভাৰ ঘৰত অচিনাক্ত দুষ্কৃতিকাৰীয়ে প্ৰথমে আক্ৰমণৰ ঘটনা সংঘটিত কৰি দুষ্কৃতিকাৰীৰ দলটোৱে চৰাব ৰাভাৰ বাসগৃহ লণ্ডভণ্ড কৰে৷ বাঁহৰ যাঠী লৈ খিৰিকীৰে আক্ৰমণ কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে শুই থকা চৰাব ৰাভাৰ পুত্ৰৰ৷ তাৰ পিছত দলটোৱে জয়পুৰৰ গোবৰ্ধন ৰাভাৰ ঘৰত আক্ৰমণ কৰে৷ আক্ৰমণকাৰী দলটোৱে উলুপাৰত দুটাকৈ পৰিয়ালৰ ঘৰতো আক্ৰমণ কৰি ঘৰৰ ক্ষতি কৰে৷ ইফালে, এই আক্ৰমণৰ ঘটনাত উত্তেজিত হৈ আন এটা অচিনাক্ত দুষ্কৃতিকাৰীৰ দলে প্ৰথমে গামেৰীমূৰাস্থিত আৰছু কাৰ্যালয় লণ্ডভণ্ড কৰে৷ ইয়াৰ পিছত দলটোৱে কাৰ্যালয়ত থকা যুৱকক বেয়াকৈ প্ৰহাৰ কৰে৷ দলটোৱে কাৰ্যালয়ৰ চকী-মেজ ভঙাৰ উপৰি চৌহদত থকা দুখন বাইক ভাঙি পেলায়৷ ইয়াৰ উপৰি ২৪ নং লুকী পৰিষদীয় সমষ্টিৰ এলেকাধীন অসম-মেঘালয় সীমান্তৰ মালাং, গামেৰীমূৰাত ৰাভা যৌথ সংগ্ৰাম সমিতিৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড কৰি অগ্নিসংযোগ কৰে৷ দলটোৱে নিতেন ৰাভাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দেবে ৰাভা, অভিজিত ৰাভা, কুশল ৰাভা আৰু সুবল ৰাভাৰ ঘৰৰো ক্ষতি সাধন কৰে।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ