চতুৰ্থ স্তম্ভৰ স্বাধীনতাত আঘাত, সাংবাদিক গ্ৰেপ্তাৰক নিন্দা আছুৰ উৎপল-সমুজ্জ্বলৰ

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যত তীব্ৰ নিন্দা আৰু গহিৰণা দিছে মুখ্য উপদেষ্টাগৰাকীয়ে৷ লগতে আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰাত সাংবাদিকৰ গাত আৰক্ষীয়ে হাত দিয়া কাৰ্যৰ বিৰোধিতা কৰিছে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ এক্সত এটা পোষ্ট দি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে আটক কৰা কাৰ্য‍্যক তীব্ৰ গৰিহণা জনাইছো। এই আটকৰ প্ৰতিবাদ জনাবলৈ যাওঁতে আৰক্ষীয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ বিষয়-ববীয়া আৰু আৰু সাংবাদিকসকলক চলোৱা নিৰ্য‍াতন নিত‍্যান্তই গৰ্হিত। ই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীনতাত আঘাত হানিছে। আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মায়ো সাংবাকিগৰাকীক গ্ৰেপ্তাৰত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে৷ উৎপল শৰ্মাই কয় যে সাংবাদিক গ্ৰেপ্তাৰ কৰি চৰকাৰ যে অসহিষ্ণু হৈছে তাৰ প্ৰমাণ দিছে। চৰকাৰখনে সাংবাদিকৰ পৰা এতিয়া মাত্ৰ দুটা শব্দই শুনিবলৈ বিছাৰে সেয়া হৈছে ‘হয় হুজুৰ’।

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…