
অসম কো-অপাৰেটিভ এপেক্স বেংকত সংঘটিত কেইবা কোটি টকীয়া কেলেংকাৰীকৈ লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ ৰাজেশ বাজাজে প্ৰায় ২০ কোটি টকা উলিয়াই নিয়া কেলেংকাৰী আৰু ডাতা মজুত ব্যৱস্থাৰ নিবিদাৰ নামত সংঘটিত ২৮ কোটি টকীয়া কেলেংকাৰীৰ তদন্তৰ দাবী উত্থাপন কৰি আহিছে৷ বিভিন্ন দল-সংগঠনে তদন্তৰ দাবী উত্থাপন কৰি প্ৰতিবাদৰ সময়তে আজি গুৱাহাটীৰ আমবাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে চাৰিটাকৈ বামপন্থী সংগঠনে৷ হাতে হাতে বিভিন্ন শ্ল’গান লিখা পোষ্টাৰ লৈ চৰকাৰ বিৰোধী শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰায় দুই শতাধিক নেতা-কৰ্মীয়ে এপেক্স বেংকৰ কেলেংকাৰীৰ তদন্ত কৰক, দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ কৰক৷ তদন্তৰ বাবে কমিটী গঠন কৰক আদি শ্ল’গান প্ৰদান কৰে৷ এগৰাকী প্ৰতিবাদকাৰীয়ে কয় যে অন্যায়ৰ বিৰুদ্ধে এই বিক্ষোভ কৰা হৈছে৷ বিজেপি চৰকাৰৰ স্বৈৰতান্ত্ৰিক কৰ্মকাণ্ড, সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ বে-আইনী গ্ৰেপ্তাৰৰ বিৰুদ্ধে আৰু এপেক্স বেংকৰ দুৰ্নীতিৰ সঠিক তদন্তৰ দাবীত বাওঁপন্থী দলসমূহে বিক্ষোভ প্ৰদৰ্শন কৰিছে।