
আজি পবিত্ৰ ঈদ-উল-ফিটৰ। ৰমজান মাহজোৰা ৰোজা ৰখা বিশ্বৰ ইছলামধৰ্মীয়ে উলহ-মালহেৰে উদযাপন কৰিছে ঈদ। ঈদৰ চন্দ্ৰদৰ্শনৰ লগে লগে অসমৰ প্ৰান্তৰ পৰা প্ৰান্তলৈ প্ৰেম, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ জ্যোতিয়ে উদ্ভাসিত হৈ উঠিছে। ঈদগাহ ময়দান আৰু মছজিদসমূহত সমূহীয়া নামাজ, পৰস্পৰক শুভেচ্ছা বিনিময়, আত্মীয়-স্বজনৰ সৈতে মিলনমেলা আদিৰে এই উৎসৱৰ পৱিত্ৰতা আৰু সমাজিক ঐক্যৰ ছবি প্রতিফলিত হৈছে।
ৰমজানৰ শেষত আজিৰ এই দিনটো ইছলামধৰ্মীয় গাম্ভীৰ্যৰে ঈদ পালন কৰাৰ লগতে সামূহিক আনন্দৰে উদযাপন কৰিছে। ঈদগাহত বিশেষ প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে, য’ত হাজাৰ হাজাৰ লোকে সমবেত হৈ আল্লাহৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছে। নামাজৰ পিছত লোকসকলেও ইজনে সিজনক সাৱটি লৈ “ঈদ মুবাৰাক”ৰ শুভেচ্ছা বতৰা বিনিময় কৰিছে। ৰাস্তা-ঘাট, বজাৰ-চহৰত শিশুৰ মাজত মিঠাই আদি বিতৰণৰ পৰিৱেশে দেখা গৈছে।
ঈদ-উল-ফিটৰ অন্যতম প্ৰাসংগিক দিশ হৈছে জাকাত। ধৰ্মীয় নিয়ম মতে, সামর্থ্যবান ইছলামধৰ্মীকলে নিজৰ সম্পত্তিৰ ৪০ ভাগৰ ১ ভাগ (২.৫%) অভাৱগ্ৰস্ত লোকক দান কৰে। এই দানৰ মূল উদ্দেশ্য হৈছে সমাজৰ দুখীয়া শ্ৰেণীটোক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰা। অসমৰ বিভিন্ন অঞ্চলত জাকাতৰ ধন, খাদ্য, বস্ত্ৰ আদিৰে সহায় আগবঢ়োৱা দেখা গৈছে, যাৰ জৰিয়তে উৎসৱৰ মাজতেও সমতা আৰু মানৱতাৰ বার্তা প্ৰচাৰিত হৈছে।
অকল অসম বা ভাৰততেই নহয়, বিশ্বৰ সকলো দেশত ঈদ-উল-ফিটক “ত্যাগ আৰু ভাতৃত্বৰ উৎসৱ” হিচাপে পালন কৰা হৈছে। ধনী-দুখীয়াৰ ভেদা-ভেদ নোহোৱাকৈ সকলোৱে একেলগে নামাজ পঢ়া, মিল-মিচা আৰু দানধৰ্মৰ জৰিয়তে এই দিনটোৰ আধ্যাত্মিক তাৎপর্যক গঢ়ি তোলে। বিশেষকৈ যুদ্ধবিধ্বস্ত অঞ্চল বা দুৰ্যোগপীড়িত অঞ্চলসমূহত ঈদৰ আনন্দ ভাগ-বতৰা কৰাটোৱে ইছলামিক সংহতিৰ প্ৰতীক হৈ পৰিছে।
পবিত্ৰ ঈদ-উল-ফিটৰ কেৱল ধর্মীয় উৎসৱই নহয়, ই মানৱতা, সহানুভূতি আৰু সামাজিক ঐক্যৰ এক জীৱন্ত পৰিচয়। অসমত এই উদযাপনে একাধাৰে ধর্মীয় বিশ্বাস আৰু বহুত্ববাদী সংস্কৃতিৰ সৌন্দর্যক প্রতিনিধিত্ব কৰিছে। ঈদৰ পৱিত্ৰ বানী— “সকলোৰে কাৰণে শান্তি আৰু সমৃদ্ধি” — এই কথাষাৰেই যেন সমাজৰ প্ৰতিজন ব্যক্তিলৈ প্ৰাসংগিক হয়।
ঈদৰ প্ৰকৃত সুখ হৈছে পৰস্পৰৰ মাজত ভাতৃত্ববোধ আৰু সহমর্মিতা বৃদ্ধি কৰা,” বুলি কয় গুৱাহাটীৰ ঈদগাহত নামাজ পঢ়া এজন অনুভৱী। ঈদে মানুহৰ হৃদয়ত আশাৰ সেউজ সানি যায়— এয়াই ইয়াৰ শাশ্বত মহিমা।