
আজি দিল্লীৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ ৬ ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সভাপতিসকলৰ বৈঠক অনুষ্ঠিত হয়৷ সন্মিলনৰ আজিৰ তৃতীয় ৰাউণ্ডৰ অন্তত কে চি বেণুগোপাল আৰু পৱন খেৰাই সংবাদমেল সম্বোধন কৰি কয় যে ৩০২ গৰাকী জিলা সভাপতিয়ে মুক্ত মনেৰে নিজৰ মনৰ কথা প্ৰকাশ কৰে৷ জিলা সভাপতিৰ সন্মিলনত মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, কে চি বেণুগোপাল আদি নেতাই ভাষণ প্ৰদান কৰি পৰামৰ্শ প্ৰদান কৰে৷ ১৪ ঘণ্টা ধৰি অনুষ্ঠিত সন্মিলনত জিলা অধ্যক্ষৰ বক্তব্য আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাই প্ৰদান কৰা ভাষণ জিলা সভাপতিসকলে শুনে৷ তৃণমূল পৰ্যায়ত কংগ্ৰেছক কেনেদৰে মজবুত কৰিব পৰা যায় সেই সম্পৰ্কত জিলা সভাপতিসকলৰ পৰা পৰামৰ্শ লয়৷ ভোটাৰ তালিকা কেনেদৰে নিৰীক্ষণ কৰিব তাক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই পৰামৰ্শ দিয়ে৷ পৱন খেৰাই কয় যে গুজৰাটৰ আহমেদাবাদৰ সবৰমতিত মহাত্মা গান্ধীৰ কংগ্ৰেছ অধ্যক্ষ হোৱাৰ এশ বছৰ সম্পূৰ্ণ হোৱাত ৮ আৰু ৯ এপ্ৰিলত অনুষ্ঠিত বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব৷ চৰ্দাৰ পেটেলৰ ১৫ সংখ্যক জয়ন্তী৷ দুয়োগৰাকী গুজৰাটৰ৷ এইখন গুজৰাট মোদী আৰু শ্বাহৰ নহয়৷ গান্ধী আৰু পেটেলৰ গুজৰাট৷ নিখিল ভাৰত কংগ্ৰেছে আয়োজন কৰা এই সন্মিলনত দেশৰ সকলো জিলাৰ সভাপতিসকলে এদিন এদিন অংশ লৈছে৷ কংগ্ৰেছৰ সাংগঠনিক দিশক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। এই সন্মিলনত মল্লিকাৰ্জুন খাৰ্গে, বিৰোধী দলপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, কে চি বেণুগোপালে উপস্থিত থাকে৷ এই সন্মিলনত কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে সংগঠনৰ মজবুত কৰিবলৈ মন্ত্ৰ দিছে৷ বিজেপিৰ নীতিৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দি বিজেপিৰ অপপ্ৰচাৰৰ মুকলিকৈ বিৰোধ কৰি সত্য ৰাইজৰ মাজলৈ নিয়াৰ পৰামৰ্শ দিয়ে৷ জিলা কংগ্ৰেছৰ সভাপতিসকলক মল্লিকাৰ্জ্জুন খাৰ্গেয়ে নিজ ৰাজ্যৰ জিলাসমূহত সকলো পৰ্যায়ৰ নেতাক সক্ৰিয় কৰিবলৈ আহ্বান জনায়৷ অসমৰ জিলাৰ ৩৫ খন জিলাৰ সভাপতিসকল আজি উপস্থিত থাকে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বৰ অসমৰ ৩৫ খন জিলাৰ সভাপতিসকলে এখন বাছেৰে মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত উপস্থিত হয়৷ বৈঠকত অসম কংগ্ৰেছৰ তত্ত্ৱাবধায়ক জিতেন্দ্ৰ সিং উপস্থিত থাকে। বৈঠকত অসমৰ পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ বৈঠকত উপস্থিত ৩৫ জন জিলা সভাপতিৰ মতামত গ্ৰহণ কৰাৰ লগতে নেতৃত্বক লৈও প্ৰশ্ন কৰে মল্লিকাৰ্জুন খাৰ্গে, বিৰোধী দলপতি ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, কে চি বেণুগোপালে৷ লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, বিকাশ উপাধ্যায়, পৃথ্বীৰাজ সাথে আৰু মনোজ চৌহানো উপস্থিত থাকে৷ আগন্তুক দিনত কংগ্ৰেছ দলৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰাৰ উদ্দেশ্যে ল’বলগীয়া কাৰ্যপন্থাৰ বিষয়ে বিস্তৃত আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ এই বৈঠকৰ অন্তত ৰাজ্যিক সভাপতি ভূপেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নিখিত ভাৰত কংগ্ৰেছে অসমৰ সভাপতিসকল পৰা কি কি সমস্যা আছে জানিব খুজিছিল৷ জিলা সভাপতিসকলে নেতৃত্বৰ সন্মুখত নিজ জিলাৰ কাম কৰাৰ সময়ত কি কি সমস্যাৰ সন্মুখীন হয় সেই কথা ব্যাখ্যা কৰিছে৷ অসম প্ৰদেশ কংগ্ৰেছেৰ ক্ষমতা হস্তান্তৰ হ’ব জিলা সমিতিসমূহলৈ। পঞ্চায়ত, বিধানসভাত প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ভূমিকা থাকিব জিলা সভাপতিসকলৰ৷ ইতিমধ্যে আমি পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী ঠিক কৰাৰ ক্ষমতা হস্তান্তৰ কৰিছো৷ বিধায়ক নিৰ্বাচিত নিৰ্বাচনত জিলা সভাপতিৰ বক্তব্য অত্যন্ত গুৰুত্ব দিয়া হ’ব৷ এই কথা ৰাহুল গান্ধীয়ে কৈ দিছে৷ নিখিল ভাৰত কংগ্ৰেছে জিলা সভাপতিক প্ৰদান কৰিব বিশেষ ফোন নম্বৰ।