বিজেপিৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উদযাপন, বিজেপিয়ে অসমৰ জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰিছে: মুখ্যমন্ত্ৰী

ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ৪৬তম প্ৰতিষ্ঠা দিৱস উপলক্ষে অসমৰ বিভিন্ন ঠাইৰ লগতে ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠান আয়োজন কৰা হৈছে। গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী, বিধায়ক আৰু নেতা-কর্মীসকলৰ উপস্থিতিত পতাকা উত্তোলন, প্ৰয়াত নেতৃত্বক শ্ৰদ্ধাঞ্জলিত বন্তি প্ৰজ্বলন কৰা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যসূচীৰ মঞ্চৰ পৰা কয়, “বিজেপিয়ে অসম আৰু দেশজুৰি এক শক্তিশালী ৰাজনৈতিক বলয় গঠন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্যত সুশাসনৰ নতুন যুগৰ সূচনা হৈছে। দলটোৱে দেশক দুগৰাকী প্ৰধানমন্ত্ৰী দিয়াৰ লগতে ২১খন ৰাজ্যত এনডিএৰ চৰকাৰ প্ৰতিষ্ঠা কৰিছে। অসমৰ প্ৰতিটো কোণত দলৰ উপস্থিতিৰ শক্তিশালী হৈছে আৰু ইয়াৰ প্ৰতি জনসাধাৰণে বিশ্বাস অৰ্জন কৰিছে।” তেখেতে ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু দলৰ সফলতাত অৰিহণা যোগোৱা সকলো কৰ্মীকো ধন্যবাদ জ্ঞাপন কৰে।

এই অনুষ্ঠানত বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহাই, নাৰায়ণ বৰকটকী, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰণজিৎ কুমাৰ দাস আদিৰ দৰে পুৰণি নেতাসকলৰ উপস্থিতিয়ে দলৰ ঐক্যৰ পৰিচয় দাঙি ধৰে। বিশেষকৈ, দিলীপ শইকীয়া সভাপতি হোৱাৰ পিছৰ এই প্ৰথম ডাঙৰ কাৰ্যসূচীত ৰাজেন গোঁহায়ে অংশগ্ৰহণ কৰে। তেওঁ সাংবাদিকক কয়, “নতুন সভাপতিৰ অধীনত দলৰ প্ৰতি মোৰ খং-ক্ষোভ কমি আহিছে। আশা কৰোঁ, এই ঐক্যৰে দল আগবাঢ়িব।”

প্ৰতিষ্ঠা দিৱসৰ প্ৰাৰম্ভণিতে ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ পতাকা উত্তোলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছত জ্যোতি প্ৰজ্বলন কৰা হয়। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় কৰ্মীসকলক একতা বজাই ৰাখি ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুতিৰ আহ্বান জনায়।

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ