ধন দাবীৰ অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব ভূপেন বৰাই, হাতীগাঁও থানাত এজাহাৰ দাখিল

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কাৰোবাৰ পৰা ধন দাবী কৰাৰ অভিযোগ কোনোৱে প্ৰমাণ কৰিব পাৰিলে বৰাই তাৎক্ষণিকভাৱে ৰাজহুৱা জীৱন ত্যাগ কৰিব। আজি এক বিবৃতিত এই কথা প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে কয় যে আমি সদায় নীতি আৰু আদৰ্শত থাকি দল পৰিচালনা কৰি আহিছো। কয়লা ছিণ্ডিকেট বাদেই, কোনো ব্যক্তি বিশেষৰ পৰাও আমি ধন দাবী কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ লাখ লাখ কংগ্ৰেছ কৰ্মীয়ে নিজৰ গাঠিৰ ধন খৰছ কৰি দল পৰিচালনা কৰাত আমাক সহায় কৰি আছে। সামাজিক মাধ্যমত বিজেপিৰ সমৰ্থকসকলে ভাইৰেল কৰা অডিঅ’ ক্লিপটো সন্দৰ্ভত আৰক্ষীক তদন্তৰ দাবী জনাই আজি গুৱাহাটীৰ আৰক্ষী আয়ুক্তক সভাপতিগৰাকীয়ে ফোন কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে এজাহাৰখনৰ কপি আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তক অৰ্পণ কৰে। ইয়াৰ পূৰ্বে সম্পাদক ৰামান্না বৰুৱা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ লগতে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে হাতীগাঁও থানালৈ গৈ সামাজিক মাধ্যমত সভাপতিৰ নামত ধন দাবী কৰাৰ ভুৱা অডিঅ’ ক্লিপৰ প্ৰচাৰ চলোৱা লিখন লিম্বু নামৰ লোকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। দুদিন পূৰ্বে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰেও একেটা অডিঅ’ ক্লিপত তেওঁৰ নাম সন্নিবিষ্ট কৰা বাবে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এজাহাৰ দাখিল কৰাৰ পিছত সাংবাদিকৰ আগত কয় যে কংগ্ৰেছ দলৰ ক্ৰমবৰ্ধমান ভাৱমূৰ্তি ম্লান কৰিবৰ বাবেই একাংশ ৰাজনৈতিক দলৰ নেতাই ষড়যন্ত্ৰত লিপ্ত হৈছে। বৰাই অসম আৰক্ষীক ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক বিচাৰি উলিয়াই প্ৰকৃত সত্য ৰাইজক অৱগত কৰিবলৈ আহ্বান জনায়। বৰাই কয় যে, শাসকীয় পক্ষই মনত ৰখা উচিত বালীলৈ বুলি যিপাত সুগ্ৰীৱলৈও সেইপাত। ৰাজনৈতিক নেতাসকলৰ সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰিবৰ বাবে দুষ্ট চক্ৰই চলোৱা অপপ্ৰচাৰ ধিক্কাৰযোগ্য আৰু সকলো পক্ষকে এইক্ষেত্ৰত সজাগ হ’বৰ বাবে বৰাই আহ্বান জনোৱাৰ লগতে ভৱিষ্যতে এনে কাৰ্যত লিপ্ত নহ’বলৈ সকীয়াই দিয়ে।

  • Related Posts

    ড০ হিমন্ত বিশ্ব শৰ্মা শক্তিশালী মুখ্যমন্ত্ৰী, ৰাজহাঁড় মজবুতঃ মিঠুন চক্ৰৱৰ্তী

    ড০ হিমন্ত বিশ্ব শৰ্মা এজন শক্তিশালী মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজহাঁড় মজবুত। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ তুলনাত হিমন্ত বিশ্ব শৰ্মা অধিক শক্তিশালী। মমতাৰ লগত ড০ হিমন্ত বিশ্ব শৰ্মাৰ কোনো তুলনা নহয়।-এই…

    পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কংগ্ৰেছৰ, গাঁৱৰ ৰাইজৰ ক্ষমতা ৰাইজক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি

    গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ পৰিকল্পনাৰে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে। ঘোষণা পত্ৰ নাম দি প্ৰস্তুত কৰা ইস্তাহাৰখনত গ্ৰাম্যঞ্চলৰ জনতাৰ হাতলৈ ২৯টা বিভাগৰ ক্ষমতাৰ লগতে পুঁজিৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…