
ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লক্ষ্যৰে অহা ২ আৰু ৭ মে’ত ভোটগ্ৰহণ হ’বলগা পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীসকলক শাসকীয় দলৰ নেতা আৰু গুণ্ডাবাহিনীয়ে চৰম অত্যাচাৰ চলাইছে৷ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীসকলক ভয়-ভাবুকি দিয়াৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহত বাধা দিয়া হৈছে৷ আজি এই অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই৷ এক সংবাদমেলত শৰ্মাই অসমৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ জমা নিদিবলৈ শাসকীয় পক্ষৰ ভেৰণীয়া গুণ্ডাই ভীতি প্ৰদৰ্শন কৰিছে৷ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বিজেপি দলৰ সমৰ্থকসকলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক নথি আনিবলৈ যোৱাত বাধা দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰি ভাবুকি প্ৰদান কৰিছে৷ শৰ্মাই কয় যে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকটকী আৰু সাধাৰণ সম্পাদক ৰাজেশ পান্দিয়াই এই সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে৷ জামগুৰি আৰক্ষী থানাতো গোচৰ দিয়া হৈছে যদিও আৰক্ষীয়ে প্ৰাৰ্থীসকলক নিৰাপত্তা দিয়া অথবা দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই৷ শৰ্মাই কয় যে নদুৱাৰত পাঁচমাইল আৰু চকীঘাট এলেকাত কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলক প্ৰয়োজনীয় নথি সংগ্ৰহত বাধা প্ৰদান কৰা হৈছে৷ গহপুৰ মহকুমাতো অনুৰূপ ঘটনা ঘটিছে৷ গুৱাহাটী মহানগৰ জিলাৰ ৰাণী অঞ্চলটো কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ উঠিছে৷ শৰ্মাই কয় যে বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে এক ঢৌ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত শাসকীয় দলে পঞ্চায়ত নিৰ্বাচনত মুখ থেকেচা খোৱাৰ ভয়ত কংগ্ৰেছ কৰ্মীসকলক ভীতি প্ৰদৰ্শন কৰিছে৷ তেওঁ লগতে কয় যে বিভিন্ন নথি-পত্ৰ সংগ্ৰহৰ প্ৰক্ৰিয়াও অতি জটিল হৈ পৰিছে৷ ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰি মুক্ত আৰু নিকা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনায় প্ৰাক্তন সাংসদগৰাকীয়ে৷ সংবাদমেলখনত দলৰ উপ-সভাপতি মেহদী আলম বৰা উপস্থিত থাকে৷