বিৰোধীয়ে ঐক‍্যবদ্ধ হৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হওঁকঃ নাগৰিক সমাজ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অব্যাহত থকাৰ সময়তে আজি অসম নাগৰিক সমাজে এক বিবৃতি জাৰি কৰিছে৷ বিবৃতি যোগে অসমৰ বিৰোধী দলসমূহক একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচনত নামিবলৈ আহ্বান জনাইছে৷ একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচনত নামিবলৈ বিৰোধী দলসমূহক বিনম্ৰ অনুৰোধ জনাইছে নাগৰিক সমাজে৷ বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, আব্দুল মান্নান, পৰেশ মালাকাৰ আৰু শান্তনু বৰঠাকুৰে কয় যে অসমত কি এক নৈৰাজ‍্য চলি আছে আমি সকলোৱে দেখি আছো। এতিয়া নীতি-নিয়ম, আইন-কানুনৰ কোনো কথা নাই। মুখ‍্যমন্ত্ৰীজনৰ মুখৰ কথাই আইন। জনসাধাৰণৰ হিতৰ বাবে সুচিন্তিত পদক্ষেপ গ্ৰহণ কৰাৰ কথা নাই। সকলো চৰকাৰী আঁচনিৰ উদ্দেশ‍্য এটাই, চৰকাৰী পইচাৰে শাসকীয় দলৰ হৈ ভোট কিনা। চৰকাৰে এফালে সমূহীয়া বিহু নাচ, ঝুমুৰ নৃত‍্য আদিৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি কোটি কোটি টকা অপচয় কৰিছে আৰু আনফালে মূল‍্যবৃদ্ধি, কৰ্মসংস্থান আদিৰ দৰে মানুহৰ জীৱনৰ মূল সমস‍্যাসমূহ সম্পূৰ্ণৰূপে আওকাণ কৰিছে। আনকি ৰাজ‍্যিক কৰ্মচাৰীৰ দৰমহা সময়মতে মোকলাই দিব পৰা নাই। ৰাজ‍্যখনৰ ঋণৰ বোজা দিনক দিনে বাঢ়ি গৈয়ে আছে। ঋণ লৈছে অদৰকাৰী খৰচ কৰিবলৈ। এই কথাবোৰ আজি-কালি সাধাৰণ মানুহেও বুজি পায়। সমস‍্যা এটাই, জনসাধাৰণৰ এই ক্ষোভক এটা ৰাজনৈতিক পৰিণতি লৈ ৰূপান্তৰিত কৰিবলৈ বিৰোধী ৰাজনৈতিক দলবোৰ যি ধৰণে ঐক‍্যবদ্ধ হৈ আগবাঢ়িব লাগিছিল সেইটো এতিয়াও হৈ উঠা নাই। তেনে সময়তে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰা হৈছে। পঞ্চায়ত নিৰ্বাচনত বিৰোধী দলসমূহে কেনেকৈ অৱতীৰ্ণ হ’ব? বিজেপিৰ বিৰুদ্ধে ঐক‍্যবদ্ধ যুঁজ দিয়াৰ সলনি তেওঁলোকে যদি সকলোৱে সকলোৰে বিৰুদ্ধে প্ৰতিযোগিতাত নামি পৰে তাৰ পৰিণতি কি হ’ব সি সহজে অনুমেয়। তেতিয়া জনসাধাৰণ আকৌ এবাৰ প্ৰতাৰিত হ’ব। এই অৱস্থাত বিৰোধী দলসমূহলৈ আমাৰ বিনম্ৰ অনুৰোধ এটাই য’তেই সম্ভৱ তাতেই যেন তেওঁলোকে ঐক‍্যবদ্ধ হৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হয়।

  • Related Posts

    শিলসাঁকোৰ উচ্ছেদিতৰ আৱেগিক প্ৰতিবাদঃ “আমি মানুহ নহয় নে? অসমীয়াই নহয় নে?”

    মহানগৰীৰ শিলসাঁকো উচ্ছেদিত পৰিয়ালসকলে আজি আকৌ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত উচ্ছেদ হৈ তিনিবছৰ ধৰি আশ্ৰয়হীন জীৱন কটাই থকা এই পৰিয়ালসকলে পুনৰ সংস্থাপন আৰু উপযুক্ত…

    অসমীয়া ভাষাৰ বিৰুদ্ধে মন্তব্য — মইনুদ্দিনক গ্ৰেপ্তাৰৰ দাবী, ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

    অসমীয়া ভাষা আৰু জাতিসত্তাক লক্ষ্য কৰি প্ৰদান কৰা **ABMSU (অল বিটিচি মাইনৰিটি ছাত্ৰ ইউনিয়ন)**ৰ এগৰাকী নেতাৰ বিতৰ্কিত মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মইনুদ্দিন আলী নামৰ উক্ত নেতাগৰাকীয়ে ধুবুৰীৰ চাপৰৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!