পহিলা বহাগ মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী

পহিলা বহাগৰ দিনটোত মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পণ্ডিত মহেশ্বৰ ডেকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা উপলক্ষে শিক্ষক, শিক্ষাবিদ, বুদ্ধিজীৱী আৰু যুৱশক্তি এক হৈ বিহুৱান প্ৰদানৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। মুক্তাৰ আলী, শ্বেথ আর্জুল হুছেইন আৰু আতোৱাৰ ৰহমানৰ আহ্বান ক্রমে মহাবিদ্যালয়ৰ নামত নিৰ্ধাৰিত ভূমি সংলগ্ন আতোৱাৰ ৰহমানৰ আগচোতালত অনুষ্ঠিত হয় এই ব্যতিক্ৰমী অনুষ্ঠান৷ বুদ্ধিজীৱী তথা সাহিত্যিক দ্বীজেন কলিতা, অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক আলহাজ আয়ুব আলী, বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা মনোৱাৰ হুছেইন, নলবাৰী জিলা আদালতৰ অধিবক্তা তাইজুদ্দিন আলী, ডা০ আর্জুল হুছেইনকে আদি কৰি বিভিন্ন প্ৰতিষ্ঠানৰ পৰা অহা শিক্ষক, বিশিষ্ট চিন্তাবিদ আৰু যুৱকসকলৰ উপস্থিতিত গাম্ভীর্যপূর্ণ সভা অনুষ্ঠিত হয়। প্রাথমিক পর্যায়ত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়োজনীয় সকলো দিশৰ বিষয়ে খৰচী মাৰি আলোচনা কৰা হয় আৰু ইয়াৰ এক গঠনমূলক আঁচনি প্ৰস্তুত কৰি উপস্থাপন কৰা হয়। প্রাথমিক পর্যায়ত প্রায় তিনি কোটি টকা ব্যয় সাপেক্ষ পণ্ডিত মহেশ্বৰ ডেকা মহাবিদ্যালয়ৰ আৱণ্টিত ভূমি আৰু গৃহৰ নক্সা সম্বলিত এক পূর্ণাংগ খতিয়ান সভাত উত্থাপন কৰি ইয়াৰ প্ৰতিষ্ঠাৰ পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰোৱা হয়। এক উন্নত, আধুনিক আৰু প্ৰগতিশীল শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাৰ প্ৰচেষ্টাৰ বাবে উদ্যোক্তাসকললৈ সকলো অভ্যাগতই একেমুখে উৎসা আৰু আশীৰ্বাদ দিয়ে। ব্যক্তিগত মহাবিদ্যালয়খনত অতি কম খৰছত, উন্নত পৰিৱেশত গুণগত শিক্ষা প্রদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ